চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা আৰু মহকুমা সমিতি গঠন

চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা আৰু মহকুমা সমিতি গঠন

author-image
Asomiya Pratidin
New Update
চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা আৰু মহকুমা সমিতি গঠন

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটত সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা আৰু মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা। চেলেঙীস্থিত সতী সাধনী কলাক্ষেত্ৰৰ সভাগৃহত সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা-গোলাঘাট মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুস্থিত হয়।

Advertisment

উক্ত সভাখনৰ আতঁ ধৰে জিলা সমিতিৰ প্ৰাক্তন সভাপতি পাপু শইকীয়া চুতীয়াই।সভাখনত সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন বৰাই।

সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া,সহঃ সম্পাদক অবন বৰা,উপ সভাপতি লক্ষী বৰা,কাৰ্যনিৰ্বাহ সদস্য অসীম শইকীয়া,প্ৰাক্তন সভাপতি ৰিতু শইকীয়া,ধেমাজী জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে ৰাজু(তিম) চুতীয়া, অৰ্জুন প্ৰতিম চুতীয়া।

ইয়াৰোপৰি ধনশিৰি আৰু বোকাখাট মহকুমাৰ সভাপতি সম্পাদকৰ লগতে গোলাঘাট মহকুমাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ প্ৰায় ২০০ৰো অধিক ছাত্ৰ প্ৰতিনিধিৰ উপস্থিতিত সৰ্বসন্মতি ক্ৰ্মে পুনৰ পাপু শইকীয়া চুতীয়াক গোলাঘাট জিলা সমিতিৰ সভাপতি আৰু মানসজ্যোতি শইকীয়াক সাধাৰন সম্পাদক হিচাপে জিলা সমিতি গঠন কৰা হয়।

আনহাতে, সমিতিখনত পৰাগ শইকীয়া আৰু লোহিত শইকীয়াক কাৰ্যকৰী সভাপতি হিচাবে লৈ ৩১ জনীয়া এখন জিলা সমিতি গঠন কৰা হয়। আনহাতে সেই সভাতেই জয়ন্ত বৰাক সভাপতি গৌতম বৰাক সাধাৰণ সম্পাদক আৰু মাইনা (মহেন) বৰাক কাৰ্যকৰি সভাপতি হিচাবে লৈ গোলাঘাট মহকুমা সমিতিখনো গঠন কৰা হয়।

Also Read: মূলসুঁতিলৈ বিদ্ৰোহী সংগঠন APLAৰ ৩৯ কেডাৰ

Students Union