জোনমনি ৰাভাৰ আত্মাৰ সদগতিৰ বাবে টেঙাখাতত বন্তি প্ৰজ্বলন

অনুষ্ঠানত জোনমনি ৰাভাৰ অকাল মৃত্যুৰ প্ৰকৃত কাৰণ সম্পৰ্কে নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনায়
জোনমনি ৰাভাৰ আত্মাৰ সদগতিৰ বাবে টেঙাখাতত বন্তি প্ৰজ্বলন
জোনমনি ৰাভাৰ আত্মাৰ সদগতিৰ বাবে টেঙাখাতত বন্তি প্ৰজ্বলন

ডিজিটেল সংবাদ,টেঙাখাত : ৰহস্যজনক দুৰ্ঘটনাত অকাল মৃত্যুবৰণ কৰা উপ-পৰিদৰ্শক প্ৰয়াত জোনমনি ৰাভাৰ আত্মাৰ সদগতিৰ বাবে শনিবাৰে টেঙাখাত আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী। আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত টেঙাখাত গান্ধীভৱনৰ সন্মুখৰ ৰাজপথৰ কাষত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে।

অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী,বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, একাংশ পুলিচ বিষয়া আৰু সাংবাদিকৰ উপস্থিতিত জোনমনি ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি ,ধূপ জ্বলাই আত্মাৰ চিৰশান্তি কামনা কৰে। সাংবাদিক নৱকুমাৰ গগৈ আৰু টেঙাখাত আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰাহুল পেগুৱে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে বিভিন্নজনে সমীপৰ স্থানত বন্তি প্ৰজ্বলন কৰে ।

ইয়াৰ পিছতে সমবেত সকলোৱে জোনমনি ৰাভাৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে । টেঙাখাত আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৌতম বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানত বক্তব্য ৰাখে সাংবাদিক দীপক গগৈ নৱ কুমাৰ গগৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পাৰ্থপ্ৰতীম কোঁৱৰে। আনহাতে অনুষ্ঠানত জোনমনি ৰাভাৰ অকাল মৃত্যুৰ প্ৰকৃত কাৰণ সম্পৰ্কে নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনায়।

জোনমনি ৰাভাৰ আত্মাৰ সদগতিৰ বাবে টেঙাখাতত বন্তি প্ৰজ্বলন
জৰাজীৰ্ণ বাঁহৰ দলং পাৰহৈ যাব লাগে লেছাম আৰু চেঙামাৰী গাঁৱলৈ : পথ আৰু দলং নিৰ্মাণৰ দাবী AJYCPৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in