জৰাজীৰ্ণ বাঁহৰ দলং পাৰহৈ যাব লাগে লেছাম আৰু চেঙামাৰী গাঁৱলৈ : পথ আৰু দলং নিৰ্মাণৰ দাবী AJYCPৰ

বাৰিষা কালত একমাত্ৰ নাৱেই যাতায়তৰ মাধ্যম হৈ পৰে গাঁও দুখনৰ ৰাইজৰ
জৰাজীৰ্ণ বাঁহৰ দলং পাৰহৈ যাব লাগে লেছাম আৰু চেঙামাৰী গাঁৱলৈ : পথ আৰু দলং নিৰ্মাণৰ দাবী AJYCPৰ

ডিজিটেল সংবাদ,ধেমাজিঃ পৰিবৰ্তনৰ কথা কৈ শাসনলৈ অহা আৰু 'সৱকা সাথ, সৱকা বিকাশ'ৰ শ্ল'গান দিয়া বিজেপি চৰকাৰখনৰ দিনত কি পৰিৱৰ্তন হৈছে আৰু কিমান বিকাশ হৈছে সেয়া ভিতৰুৱা গ্ৰাম্যাঞ্চলসমূহৰ ছবিসমূহ দেখিলেই স্পষ্ট হৈ পৰিব । চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ লেছাম আৰু চেঙামাৰী নামৰ গাঁও দুখনলৈ যাবলৈ আজিও নাই কোনো সুচল পথ যোগাযোগ ।

গাঁও দুখনলৈ যাবলৈ পাৰ হৈ যাব লাগে ৰাইজে গাঁঠিৰ ধন ভাঙি সাঁজি লোৱা আৰু বৰ্তমান জৰাজীৰ্ণ হৈ পৰা ৫খনকৈ বাঁহৰ দলঙৰে । দুবছৰৰ পূৰ্বে গাইনদীৰ বানে খণ্ড-বিখণ্ড কৰি পেলোৱা গাঁও দুখনলৈ যোৱা একমাত্ৰ পথটো মেৰামতিৰ বাবে কোনে জনপ্ৰতিনিধিয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ ।

জানিব পৰা অনুসৰি সম্প্ৰতি জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেদি অতি বিপদসংকুলভাৱে যাতায়ত কৰিছে গাঁও দুখনৰ ৰাইজে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক অতি বিপদজনকভাৱে বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে ।

বাৰিষা কালত একমাত্ৰ নাৱেই যাতায়তৰ মাধ্যম হৈ পৰে গাঁও দুখনৰ ৰাইজৰ । ৰাইজে পথটো নিৰ্মাণ কৰি দিবৰ বাবে বিধায়ক ভুৱন পেগুক বহুবাৰ আবেদন কৰি কোনো সুফল পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে । শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ যুটীয়া সম্পাদক তপন শইকীয়াৰ নেতৃত্বত এটি দলে পথটো পৰিদৰ্শন কৰে । অচিৰেই পথটো আৰু দলঙসমূহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ৰাইজৰ সহযোগত আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে।

জৰাজীৰ্ণ বাঁহৰ দলং পাৰহৈ যাব লাগে লেছাম আৰু চেঙামাৰী গাঁৱলৈ : পথ আৰু দলং নিৰ্মাণৰ দাবী AJYCPৰ
কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ উদ্যোগত প্ৰধান শিক্ষক-সংবাদিকক সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in