গনেশ মন্দিৰত চোৰৰ চাফাই অভিযান

গনেশ মন্দিৰত চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্ৰাঙ্গনত থকা গনেশ মন্দিৰত বৃহস্পতিবাৰে নিশা চোৰে চলাই চাফাই অভিযান। শুকুৰবাৰে পুৱাৰ ভাগত মন্দিৰ সমিতিৰ মানুহ মন্দিৰত উপস্থিত হোৱাত তলাৰ লগতে মন্দিৰৰ আচবাব ভঙা দেখা পাই হুৱাদুৱা লাগে।

বাহিৰত থকা দানপাত্ৰটো নেদেখি চোৰ হোৱাৰ কথা নিশ্চিত হৈ সমিতিয়ে মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়ে। মাৰ্ঘেৰিটা আৰক্ষী মন্দিৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মন্দিৰৰ আশে-পাশে থকা চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ উপৰিও নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা লোকক সোধা-পোচা কৰে ।

মন্দিৰ সমিতিয়ে দান পাত্ৰটোত কেইবাহাজোৰ টকা থকাৰ কথা উল্লেখ কৰে। উল্লেখ যে উজনি অসমৰ প্ৰথমটো সৰ্ববৃহৎ গনেশ মন্দিৰ মাৰ্ঘেৰিটাৰ তেলেগু সমাজৰ বিশেষ উদ্যোগত কিছুদিন পূৰ্বে মাৰ্ঘেৰিটাত মুকলি কৰা হৈছিল।

মন্দিৰটি দক্ষিণ ভাৰতৰ মন্দিৰৰ আৰ্হিত নিৰ্মিত। দক্ষিণ ভাৰতৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা মন্দিৰটিৰ মূৰ্তি ৰাজস্থানৰ পৰা অনা হৈছিল।

গনেশ মন্দিৰত চোৰৰ চাফাই অভিযান
এফালে বানপানী,আনফালে গৰাখহনীয়া: বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনি নৈপৰীয়া ৰাইজৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in