New Update
/asomiyapratidin/media/media_files/2025/04/03/UJZdWCQGSLyStV8gT5G3.jpg)
পুথিভঁৰাল উদ্বোধন-টেবলেট পিচি বিতৰণ কাৰ্যসূচী
ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত বুধবাৰে বিয়লি ২.৩০ বজাত এটা ক্ষুদ্ৰ পুথিভঁৰাল উদ্বোধন কৰাৰ লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীক টেবলেট পিচি বিতৰণ কৰা হয় ৷ ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে ফিটা কাটি উদ্বোধন কৰাৰ পাছতে এক আড়ম্বৰপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ ধেমাজি জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা ভাৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া বিতোপন হাজৰিকাই আদৰণি ভাষণত শিক্ষানুৰাগী ৰাইজৰ সহযোগিতাৰে পুথিভঁৰালটি নিৰ্মাণ কৰা বুলি উল্লেখ কৰে ৷ বিভিন্ন বিষয়ৰ দুহেজাৰৰো অধিক গ্ৰন্থৰে সমৃদ্ধ পুথিভঁৰালটোৱে সকলো শ্ৰেণীৰ পঢ়ুৱৈক উপকৃত কৰিব বুলিও সদৰী কৰে বিষয়াগৰাকীয়ে৷
আনহাতে, উদ্বোধক তথা জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া বিতোপন হাজৰিকাৰ প্ৰচেষ্টাক শলাগ লৈ পুথিভঁৰালটোৱে জ্ঞানান্বেষী লোকক বৌদ্ধিক দিশত আগবঢ়াই নিব বুলি উল্লেখ কৰে ৷ বৃন্দগান পৰিৱেশনৰে শুভাৰম্ভ কৰা সভাখন আঁতধৰে শিক্ষয়িত্ৰী প্ৰণতি দেৱী শৰ্মাই ৷ উক্ত সভাতে জিলাখনৰ ১৫৭ খন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫৭ জন নিৰ্বাচিত মেধাবী শিক্ষাৰ্থীক একোটাকৈ টেবলেট পিচি বিতৰণ কৰে ৷
সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া অৱনী নাথ আৰু পংকজ বৰাৰ লগতে ভালেসংখ্যক শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী আৰু বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা সভাখনত বিভাগীয় নিৰ্দেশনাৰে বদলি হোৱা শিক্ষা বিষয়া বিতোপন হাজৰিকাক ধেমাজি জিলা অধিবিদ্যা পৰিষদ,জিলা প্ৰাথমিক শিক্ষক সন্মিলনী , জিলা মধ্য ইংৰাজী শিক্ষক সংস্থা আৰু ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে বিদায় সম্বৰ্ধনা জনায়৷