জামুগুৰিহাটৰ  বালিগাওঁ পথাৰত উদ্ধাৰ দুস্প্ৰাপ্য বৰটোকোলা

জামুগুৰিহাটৰ বালিগাওঁ পথাৰত উদ্ধাৰ দুস্প্ৰাপ্য বৰটোকোলা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ সমীপৰ বালিগাওঁ পথাৰত শুকুৰবাৰে পুৱা এটা আঘাতপ্ৰাপ্ত বৰটোকোলা উদ্ধাৰ হয়। বৰটোকোলাটো উদ্ধাৰ কৰে দেবানন মিলি আৰু দেগনাথ মিলি নামৰ দুগৰাকী প্ৰকৃতি-প্ৰেমীয়ে ৷

কোনো দুস্কৃতিকাৰীয়ে পথাৰত মাছ ধৰিবলৈ পাতি থোৱা বৰশীত লাগি আঘাত প্ৰাপ্ত হয় দুস্প্ৰাপ্য বৰটোকোলাটো ৷ পাছত প্ৰকৃতিপ্ৰেমী দুগৰাকীয়ে বৰটোকোলাটো উদ্ধাৰ কৰি ঘৰলৈ আনি চাৰিদুৱাৰ বন বিভাগক গটাই দিয়ে ৷প্ৰকৃতিপ্ৰেমী দেৱানন মিলি আৰু দেগনাথ মিলিৰ এনে কাৰ্যত স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে ৷

জামুগুৰিহাটৰ  বালিগাওঁ পথাৰত উদ্ধাৰ দুস্প্ৰাপ্য বৰটোকোলা
খেৰকটা সমবায় সমিতিৰ সাধাৰণ সভাত প্ৰশাসনৰ নিষেধাজ্ঞা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in