/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/3a1cb12d-cfe7-4641-93e6-bc3c9c28eb25/tyyyy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমা সমবায় সমিতি সমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ অন্তৰ্গত খেৰকটা সমবায় সমিতিৰ নতুন সঞ্চালক মণ্ডলী গঠনত গভীৰ অনিশ্চয়তা আহি পৰিছে। লখিমপুৰ জিলাৰ উপায়ুক্তৰ এক নিৰ্দেশনাই সমবায় সমিতিখনৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিতকৰণতো বাধা নিষেধ জাৰি কৰাত স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে ।
বিভাগীয় সূত্ৰে জনা মতে যোৱা ১৪ মাৰ্চত প্ৰায় ২৮০০ অংশীদাৰী সম্পন্ন খেৰকটা সমবায় সমিতিৰ ২০২৩-২০২৫ বর্ষৰ নতুন সঞ্চালক মণ্ডলীৰ নিৰ্বাচনৰ হেতু মনোনয়ন গ্ৰহণ কৰিছিল উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা প্ৰেৰিত দুগৰাকী নিৰ্বাচনী বিষয়াই । বিধিগত ভাবে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰাৰ্থীৰ মনোনয়ন গ্ৰহণ কৰি পৰৱৰ্তী বাৰ্ষিক সাধাৰণ সভাৰ বাবে ২৪ মাৰ্চ নিৰ্ধাৰণ হৈছিল ।
সেই অনুক্ৰমে শুকুৰবাৰে এই বাৰ্ষিক সাধাৰণ সভা আৰু নতুন বর্ষৰ বাবে নতুন সঞ্চালক মণ্ডলী গঠন কৰাৰ বিধিগত প্ৰক্ৰিয়াত চেঁচা পানী ঢালিলে উপায়ুক্তৰ ডি ই ভি/৫৮/২০২২ ডি ই ভি বি -এল কে পি আৰ/ ২২/৩/২৩ নং নির্দেশণাৰ আলমত উপ পঞ্জীয়কৰ কাৰ্যালয় আৰু মহকুমা প্ৰশাসনৰ দুটা পৃথক নিৰ্দেশনাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8f0a4d2b-7225-4164-a4b9-60cc9150e3d4/0a5829b4_d9df_4447_88ac_37d79aec25db.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8a577a0d-2f22-4e92-8617-b3bad283db43/097a5bc7_7294_4134_8f4a_8d898ed0b322.jpg)
সমবায়খনৰ সভাপতিলৈ ২৩ মাৰ্চত উপ সঞ্চালকৰ প্ৰেৰিত এ আৰ চি এছ নং-চি ডি এইচ কে (জি) ১২/০৯/৬০৭ আৰু মহকুমাধিপতিৰ তথা মহকুমা কাৰ্যবাহী দণ্ডাধীশৰ ২৩ মাৰ্চত প্ৰেৰিত ডি এম জে ২০২১/পি টি ২ নং নিৰ্দেশনা যোগে শুকুৰবাৰে অনুষ্ঠিতব্য সমবায় সমিতিখনৰ বাৰ্ষিক সাধাৰণ সভা আৰু অনাগত কাৰ্যকালৰ বাবে সঞ্চালকমণ্ডলী নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া বাতিল কৰিছে । কোনো এটা নিৰ্দেশনাত এই গণতান্ত্ৰিক সভা আৰু নিৰ্বাচন বাতিলৰ স্পষ্ট কাৰণ উল্লেখ কৰা হোৱা নাই যদিও ইয়াত শাসক দলৰ অভিযোগ চক্ৰান্ত জড়িত থকাৰ অভিযোগ পোৱা গৈছে।
উল্লেখ্য যে উক্ত মনোনয়ন পত্ৰ গ্ৰহণৰ দিনা শাসক দলৰ কোনো এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পৰা নাছিল । পৰৱৰ্তী সময়ত এই সমগ্ৰ প্ৰক্ৰিয়াটো ক্ৰুটিপূৰ্ণ বুলি ৰাজহুৱা অভিযোগ উত্থাপন কৰিছিল শাসক দলৰ একাংশই । বিভাগীয় নিৰ্বাচনী বিষয়াৰ উপস্থিতিত স্বচ্ছ ভাবেই সম্পন্ন হোৱা এই প্ৰক্ৰিয়াৰ লগতে অংশীদাৰী তালিকা ক্ৰুটিপূৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰা শাসক পক্ষই পৰৱৰ্তী সময়ত উৰ্ধতন কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল ।
তাৰেই পাৰ্শ্বক্ৰিয়া হিচাবে এই জটিলতা আহি পৰা বুলি আশংকা কৰা হৈছে । সমবায়খনৰ একাংশ অংশীদাৰীয়ে এই বিষয়টোকলৈ গেৰুৱা দলটোৱে নিৰ্লজ ৰাজনীতি কৰি স্থবিৰতা আনি দিয়াৰ অভিযোগ তুলি এইক্ষেত্ৰত বিধায়ক নৱ দলেৰ হস্তক্ষেপ থকা বুলিও মুকলি অভিযোগ উত্থাপন কৰি ইয়াৰ সংঘবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিছে ।
Also Read: AAPSC প্ৰশ্নকাকত বিক্ৰী কেলেংকাৰীঃ কাৰ একাউন্টত ইডিয়ে পালে ১কোটিতকৈ অধিক টকা...