ভয়াবহ ভৱিষ্যতৰ ইংগিত! ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস ৭৬ শতাংশ

বতৰৰ অস্বাভাৱিক পৰিবৰ্তনে ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ৰাজ্যবালীৰ বাবে। গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বৰ পৰিৱেশ-পৰিস্থিতিত প্ৰভাৱ পেলোৱাৰ সমান্তৰাল ভাৱে অসমতো উদ্বেগজনকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে।
ভয়াবহ ভৱিষ্যতৰ ইংগিত! ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস ৭৬ শতাংশ

ডিজিটেল ডেস্ক: বতৰৰ অস্বাভাৱিক পৰিবৰ্তনে ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ৰাজ্যবালীৰ বাবে। গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বৰ পৰিৱেশ-পৰিস্থিতিত প্ৰভাৱ পেলোৱাৰ সমান্তৰাল ভাৱে অসমতো উদ্বেগজনকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস পাইছে। জানুৱাৰী-ফেব্ৰুৱাৰী মাহত সাধাৰণতে যিমান বৃষ্টিপাত হ'ব লাগে তাতকৈ প্ৰায় ৭৬ শতাংশ কম বৰষুণ হৈছে।

অসমৰ কেইবাখনো ৰাজ্যত বৰষুণৰ পৰিমাণ ১০০ শতাংশ হ্ৰাস পাইছে। কেৱল অসম বুলিয়েই নহয়, অৰুণাচল প্ৰদেশত ৫৩ শতাংশ, মণিপুৰত ৯৯ শতাংশ, মেঘালয়ত ৯৯ শতাংশ,মিজোৰামত ১০০ শতাংশ, নাগালেণ্ডত ৯৯ শতাংশ আৰু ত্ৰিপুৰাত ১০০ শতাংশ বৃষ্টিপাতৰ ঘাটি হৈছে।

১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অসমত হোৱা বৰষুণৰ পৰিমাণ ৫ মিলিলিটাৰ। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যখনত বিভিন্ন সমস্যাই দেখা দিছে। বৃদ্ধি পাইছে বায়ু প্ৰদূষণ। কেৱল ইমানেই নহয়, কম বৰষুণৰ ফলত খেতি-বাতিটো বিৰূপ প্ৰভাৱ পৰিব।

আৰু পঢ়ক: কংগ্ৰেছে ৬০ বছৰত দেশ গঢ়িলে বিজেপিয়ে ১০ বছৰত বিক্ৰী কৰিলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in