"সুগন্ধি বিৰিণা"ৰ খেতিৰে এদল অসমীয়াৰ চমক...

"সুগন্ধি বিৰিণা"ৰ খেতিৰে এদল অসমীয়াৰ চমক...

ডিজিটেল সংবাদ : বন্যহস্তী উপদ্ৰুত এলেকা এটি । মাহজোৰা হাড়ভগা পৰিশ্ৰমৰ ফচল এডৰা খেতি । কিন্তু এই খেতিডৰ‍াই কঢ়িয়াই আনিব নোৱাৰে খেতিয়ক গৰাকীৰ মুখলৈ প্ৰাপ্তিৰ হাঁহি । কিয়নো সন্ত্ৰাস বন্যহস্তীৰ । এবাৰ পথাৰলৈ বন্যহস্তীৰ জাক অহা মানেই তহিলং খেতিপথাৰ । এনে পৰিস্থিতিত দিশহাৰা হৈ পৰে খেতিয়ক । অত দিনৰ কষ্টৰ অন্তত ভৰি পৰা খেতিপথাৰখনত ৰৈ যায় কেৱল এটা শূণ্য । তেনে পৰিস্থিতিত গোৱালপাৰা জিলাৰ ৰংজুলি এলেকাৰ গুণজিৎ অধিকাৰী, ৰঞ্জিত কিশোৰ বৰ্মন আৰু অমূল্য ৰাভা নামৰ তিনি গৰাকী যুৱকে দেখুৱাইছে আশাৰ বাট ।

তেওঁলোকে বিচাৰি উলিয়ালে এক বিকল্প উপায় । যি খেতিত মুনাফাও হয় আৰু বন্যহস্তীৰ উপদ্ৰৱো নহয় । তাৰ পিছতেই কৃষিভূমিত আৰম্ভ কৰিলে সুগন্ধি বিৰিণাৰ খেতি । যি খেতিৰ পৰা তেওঁলোকে উৎপাদন কৰে চিত্ৰনলা, লেমন অইল আদি । এই তেল তেওঁলোকে বিক্ৰী কৰে বহি:ৰাজ্যৰ প্ৰতিষ্ঠানক । এই খেতিৰ পৰা তেওঁলোক নিশ্চিত হ'ল যে, সুগন্ধি বিৰিণাৰ খেতিত প্ৰৱেশ নকৰে বন্যহস্তী অথবা গৰু, ছাগলী । ইয়াৰ ওপৰিও বছৰটোত প্ৰায় ৩-৪ ব‍াৰকৈ কৰিব পৰা যায় এই খেতি ।

উল্লেখ্য যে, এই তিনিজন যুৱকে প্ৰায় পোন্ধৰশ বিঘা মাটিত সুগন্ধি বিৰিণাৰ খেতিয়েই নহয় বৰং খেতিৰ পৰা নিজাকৈ চিত্ৰনলা আৰু লেমন অইল প্ৰস্তুত কৰাৰ সংসাধন প্ৰকল্পও স্থাপন কৰিছে । এবাৰতেই প্ৰতি বিঘাত চাৰিৰ পৰা পাঁচ কুইন্টল বিৰিণাৰ পাত সংগ্ৰহ কৰিব পাৰি । এই পাতৰ পৰা উৎপাদন কৰিব পাৰি তিনি-চাৰি লিটাৰ চিত্ৰনলা, লেমন অইল । চিথৰনলাতকৈ লেমন অইলৰ মূল্য বেছি । কেজি হিচাপত তেওঁলোকে বিক্ৰী কৰে এই তেল । প্ৰতি কেজি লেমন অইলৰ মূল্য হ'ল ১,১০০ ৰ পৰা ১,২০০ টকা ।

এই সন্দৰ্ভত, ৰঞ্জিত কিশোৰ বৰ্মনে কয় যে, ২০১৬ চনত মাত্ৰ ৮ বিঘা মাটিত সুগন্ধি বিৰিণাৰ খেতি আৰম্ভ কৰা হৈছিল । পৰৱৰ্তী সময়ত বৃদ্ধি পায় খেতিৰ মাটিৰ সংখ্যা । ইয়াৰ ওপৰিও উত্তৰ প্ৰদেশ, বেংগালুৰু, দিল্লী, কলকাতা আদি স্থানৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে তেল ক্ৰয় কৰে ৰঞ্জিত কিশোৰ বৰ্মনৰ উদ্যোগৰ পৰা । এইদৰেই এতিয়া স্বাৱলম্বিতাৰ পথ দেখুৱাইছে এই সকল অসমীয়া যুৱকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in