পৃথক মিচিং ৰাজ্যৰ দাবীৰে গঠন হোৱা সশস্ত্ৰ মিচিং সংগঠন LDCMৰ নিয়মানুৱৰ্তিতাৰ কৰ্মশালা

পৃথক মিচিং ৰাজ্যৰ দাবীৰে গঠন হোৱা সশস্ত্ৰ মিচিং সংগঠন LDCMৰ নিয়মানুৱৰ্তিতাৰ কৰ্মশালা
Published on
Updated on

ডিজিটেল সংবাদ, জোনাই :  পৃথক মিচিং ৰাজ্য গঠনৰ দাবীৰে গঠন হোৱা সশস্ত্ৰ মিচিং সংগঠন Liberal Democratic of Mising Land চমুকৈ LDCMৰ কৰ্মশালা এখন কেইদিনমান ধৰি জোনাইস্থিত অস্থায়ী শিবিৰত অনুষ্ঠিত হৈ আছে। সংগঠনটোৰ কেন্দ্রীয় সাধাৰণ সম্পাদক দ:মৃৰ পাতিৰ ওৰফে জয়ন্ত পাতিৰৰ নেতৃত্বত প্ৰায় ৭০ জন কেডাৰক কৰ্মশালাৰ দ্বাৰা সংগঠনটোৰ নিয়মানুৱর্তিতা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে।

এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০০৯ চনত গহপুৰৰ এক‌‌ অজ্ঞাত স্থানত গঠন হৈছিল মিচিং জনগোষ্ঠীৰ সশস্ত্র সংগঠন LDCM। সংগঠনটোৱে ২০১৫ চনৰ পৰা চৰকাৰৰ সৈতে আলোচনাত আছে বুলি জানিবলৈ দিয়ে  কেন্দ্রীয় সাধাৰণ সম্পাদক দ:মৃৰ পাতিৰ ওৰফে জয়ন্ত পাতিৰে।

সংগঠনটোৱে অহা ২৮ ছেপ্টেম্বৰত বৃহৎ আলোচনা সভা অনুষ্ঠিত কৰাৰ কথা সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। বৰ্তমান প্ৰায় ৩,১১৫জন কেডাৰ থকা সংগঠনটোৱে উক্ত সভাত ভৱিষ্যত কাৰ্যপন্থাৰ আৰু পৰিকল্পনাৰ বিষয়ে সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে ।

তদুপৰি প্ৰয়োজন সাপেক্ষে মিচিং বানে কেবাং, টাকাম মিচিং পৰিন কেবাঙৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ত সংগঠনটোৰ দাবী পূৰণ সন্দৰ্ভত হাতত পুনৰ বন্দুক তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰে কেন্দ্রীয় সাধাৰণ সম্পাদকগৰাকীয়ে। দীৰ্ঘদিন ধৰি নীৰৱ হৈ‌ থকাৰ‌ পিছত শেহতীয়াকৈ এনেদৰে হঠাতে সংগঠনটো সক্ৰিয় হৈ পৰাৰ বিষয়টো চৰ্চিত হৈ পৰিছে।

পৃথক মিচিং ৰাজ্যৰ দাবীৰে গঠন হোৱা সশস্ত্ৰ মিচিং সংগঠন LDCMৰ নিয়মানুৱৰ্তিতাৰ কৰ্মশালা
দিনজোৰা কাৰ্যসূচীৰে চৰাইদেউত বিশ্ব পৰ্যটন দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in