/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/k932ep04/f549651a-d2d1-42b8-84e6-7e280181a290.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : আজি বিশ্ব পৰ্যটন দিৱস৷ কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত শুকুৰবাৰে চৰাইদেউ মৈদামত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/ucw1i9dr/635cbb6c-5ec8-48c1-a4d9-2fb1973a6ea8.jpg)
এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ মূলমন্ত্ৰ হৈছে 'পৰ্যটন আৰু শান্তি'। এই কাৰ্যসূচী অনুসৰি পুৱা মৈদাম ক্ষেত্ৰত গছপুলি ৰোপন, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ঐতিহ্য ভ্ৰমণৰ লগতে বিশ্ব পৰ্যটন দিৱসৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।
Also Read: আমগুৰিত ট্ৰাকসহ ২ কোটিৰো অধিক টকাৰ চোৰাং চুপাৰি জব্দ