সোণাৰি ১৬ টা উন্নয়ন মূলক কামৰ শিলান্যাস

আধাৰশিলা অনুষ্ঠানত সোণাৰি পৌৰসভাৰ বাবে এখন স্বৰ্গ ৰথ প্ৰদান কৰে বুলি সভাত অৱগত কৰে।

author-image
Asomiya Pratidin
New Update
সোণাৰি ১৬ টা উন্নয়ন মূলক কামৰ শিলান্যাস

ডিজিটেল সংবাদ, সোণাৰিঃ আজি অসম চৰকাৰৰ পঞ্চদশ আয়োগৰ অধীনত ২০২৩-২৪ বৰ্ষৰ সোণাৰি পৌৰসভাৰ এলেকাত ১৬ টা নৱনিৰ্মিত উন্নয়ন মূলক কাম, লগতে অনিৰ্ধাৰিত পুঁজিৰ ২০১৩-২৪ আধাৰত সাংসদ পুঁজিৰ অধীনত ৫লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সোণাৰি সাৰ্বজনীন কালি বাড়ীৰ পকীবেড়া নিৰ্মাণৰ কাম যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে যৌথ ভাৱে শিলান্যাস সম্পন্ন কৰে।

Advertisment

আধাৰশিলা অনুষ্ঠানত সোণাৰি পৌৰসভাৰ বাবে এখন স্বৰ্গ ৰথ প্ৰদান কৰে বুলি সভাত অৱগত কৰে। বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে সোণাৰি সমষ্টিৰ উন্নয়নৰ লক্ষ্য আগত ৰাখি কামসমূহ কৰি থকা হৈছে আৰু এতিয়াও এশতকৈ অধিক আধাৰশিলা স্থাপন কৰিবলৈ বাকী আছে বুলি মন্তব্য কৰে। সভাত বিধায়কগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক পঞ্চাশ হাজাৰ অধিক ভোটৰ ব্যৱধানত জয়ী কৰিবলৈ দ'লৰ কাৰ্যকৰ্তা সকলক আহ্বান জনায়।

উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত আছিল চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা , সদৰ মহকুমাধিপতি শ্ৰাৱণা সোনোৱাল ডাঙৰীয়নী, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, এ পি ডি চি এলৰ চেয়াৰমেন অনুপ সিং ৰাজপুৰোহিতৰ , সোণাৰি নগৰ উন্নয়ন প্ৰাধিকৰণৰ চেয়াৰমেন তাৰা চন্দ আগৰৱালা , ৰাজ্যিক সদস্য কাজল দে ৰ লগতে সোণাৰি পৌৰসভাৰ পৌৰ আয়ুক্ত আয়ুক্তা সকল উপস্থিত আছিল।

Also Read: শিল্পী গুণদা গোস্বামীক 'আই পদ্মপ্ৰিয়া বঁটা' প্ৰদান

tapan kumar gogoi sonari