/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/988b142a-0b47-4c5a-890a-052e5eced0f6/2.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ লেখিকা সংস্থা, অসমে আজি নগঞা কণ্ঠশিল্পী, নাট্যকাৰ গুণদা গোস্বামীক প্ৰদান কৰে 'আই পদ্মপ্ৰিয়া বঁটা' । আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ প্ৰথমগৰাকী বৈষ্ণৱ গীতি-কবি আই পদ্মপ্ৰিয়াৰ নামত উৎসৰ্গিত এই বঁটা শিল্পীগৰাকীক প্ৰদান কৰে বিশিষ্ট কবি তথা ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ শৰৎ বৰকটকীয়ে ।
নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুজিদাঁহৰ ধোপাবৰ সত্ৰত বঁটা প্ৰদানৰ এই গাম্ভীৰ্যপূৰ্ণ সভাখন অনুষ্ঠিত হয় । লেখিকা সংস্থা, অসমৰ সভাপতি মৃদুলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ প্ৰধান সম্পাদক বিজয়া দেৱ দাসে । কুসুম বৰুৱাই বৰগীত পৰিৱেশন কৰি শুভাৰম্ভ কৰা এই সভাখনত লেখিকা মৃণালিনী দেৱী,অৰুণা বৰা,অধিবক্তা বীণা শৰ্মা,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে।
শিল্পী গুণদা গোস্বামীক বঁটা প্ৰদান কৰি বিশিষ্ট কবি ড৹ শৰৎ বৰকটকীয়ে মাতৃৰ ওজন সকলোতকৈ গধুৰ বুলি অভিহিত কৰাৰ লগতে মানুহৰ জীৱনটো মানুহৰ বাবেই উৎসৰ্গা কৰিব লাগে বুলি উল্লেখ কৰে। লগতে তেওঁ 'মৃত্যুৰ পৰা জীৱনলৈ' নামৰ এটি কবিতাৰ উদ্ধৃতিৰে জীৱনৰ দৰ্শন আৰু মূল্যবোধৰ সন্দৰ্ভত সাৱলীল বিশ্লেষণ আগবঢ়ায় ।
অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই আই পদ্মপ্ৰিয়াৰ সম্পৰ্কে বক্তব্য উপস্থাপন কৰাৰ বিপৰীতে অধিবক্তা বীণা শৰ্মাই বঁটা প্ৰাপক গুণদা গোস্বামীৰ যশ-খ্যাতিৰ সন্দৰ্ভত আলোকপাত কৰে। ইপিনে এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ প্ৰাক্তন উপ- সভাপতি মৃণালিনী দেৱীয়েও বিশ্বব্ৰহ্মাণ্ড আৰু সৃষ্টিৰ সন্দৰ্ভত তাত্বিক বক্তব্য দাঙি ধৰে । কুজিদাঁহৰ ধোপাবৰ সত্ৰৰ আই পদ্মপ্ৰিয়া শাখাৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানটোত লেখিকা সংস্থা,অসমৰ বিভিন্ন শাখাৰ প্ৰতিনিধি সকলৰ উপৰিও ডেৰ শতাধিক লোক উপস্থিত থাকে ।