/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/02425a09-9e1e-4c74-b5d5-f722f4121122/AP_FOR_WEB_ADVOCATE.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। শুকুৰবাৰে পুৱা উদ্ধাৰ হোৱা মৃতদেহটো কন্দৰ্প ওঝাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল কন্দৰ্প ওঝা।
মহানগৰীৰ ভেটাপাৰাত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় কন্দৰ্পৰ মৃতদেহ। বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে কন্দৰ্পৰ মৃতদেহটো।
আনহাতে কন্দৰ্পৰ পিতৃয়ে দাবী কৰিছে যে তেওঁৰ পুত্ৰই তেওঁৰ কোঠাৰ ভিতৰত ডিঙি কাটি আত্মহত্যা কৰিছে। অৱশ্যে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব কেনেকৈ মৃত্যু হ'ল কন্দৰ্পৰ।
Also Read: গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত আজি অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us