আইনত মানৱীয়তাৰ পৰশ থকা উচিত : ডি ৱাই চন্দ্ৰচূড়

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ এপ্ৰিলত ইতিহ্যমণ্ডিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল ৭৫ টা বছৰ । যাৰ বাবে ৫ এপ্ৰিলত অনুষ্ঠিত সভাত উপস্থিত আছিল দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় । এই সভাত উপস্থিত থাকি মুখ্য ন্যায়াধীশ গৰাকীয়ে আগবঢ়োৱা সাৰুৱা ভাষণটিত এই কথা উল্লেখ কৰে যে, দেশৰ জনতাৰ স্বাৰ্থত নিৰ্মাণ অথবা প্ৰণয়ন হোৱা আইনসমূহত মানৱীয়তাৰ পৰশ থকা উচিত । যাৰ ফলত হে যিকোনো এটা সমস্যাৰ গুৰিলৈ যোৱাটো সম্ভৱ হৈ উঠিব দেশৰ বাবে ।

কেৱল সেয়াই নহয় বৰং ভাৰতৰ দৰে এক বৈচিত্ৰময় দেশত প্ৰতিটো অঞ্চল, প্ৰতিটো জাতি-জনজাতিৰ বৈশিষ্ট বেলেগ বেলেগ, তেনেক্ষেত্ৰত আইন প্ৰণয়ন কৰা অঞ্চলসমূহৰ সৈতে আইনৰ সম্পৰ্ক থকা উচিত ।

আনহাতে, দেশৰ আইনৰ সফলতা কেৱল দেশৰ জনতাৰ বিশ্বাস আৰু আস্থাৰ ওপৰত নিৰ্ভৰশীল । একেদৰেই দেশৰ লোকসকলো আইনৰ ওপৰত নিৰ্ভৰশীল । অৰ্থাৎ দুয়ো ওত:প্ৰোতভাৱে জড়িত । বিপদৰ সময়ত দেশৰ নাগৰিকসকলৰ প্ৰথম আৰু অন্তিম বন্ধু ন্যায়পালিকাই ।

মুখ্য ন্যায়াধীশ গৰাকীয়ে এই ভাষণৰ মাজতেই কয় যে, আইনত মানৱীয়তাৰ পৰশ থকা উচিত কিয়নো আইনৰ কাম বলপূৰ্বকভাৱে প্ৰণয়ন কৰি ইয়াক বিফল কৰা নহয় বৰং দেশৰ বৈচিত্ৰতাৰ প্ৰতি সন্মান আৰু সহানুভূতি প্ৰদৰ্শন কৰি ইয়াক সফল কৰি তোলা ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়
আজি গুৱাহাটীত দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব ৰাজস্থান ৰয়েলছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in