ধেমাজিত আত্মসহায়ক গোট আৰু এছ ইউ আই মহিলাসকলৰ মাজত আইন সজাগতা সভা ও লোন মেলা

ধেমাজি ডি আৰ ডি এ সভাকক্ষত সোমবাৰে এই মেলা অনুষ্ঠিত হয়
ধেমাজিত আত্মসহায়ক গোট আৰু এছ ইউ আই মহিলাসকলৰ মাজত আইন সজাগতা সভা ও লোন মেলা

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজিত আত্মসহায়ক গোট আৰু এছ ইউ আই মহিলাসকলৰ মাজত আইন সজাগতা সভা ও লোন মেলা। ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ সহযোগত সপ্তাহজোৰা নাৰী দিৱস উপলক্ষে ধেমাজি ডি আৰ ডি এ সভাকক্ষত সোমবাৰে এই মেলা অনুষ্ঠিত হয় ৷

বেংক সমূহৰ জিলা অগ্ৰনী বিষয়া ( এল ডি এম ) ৰিংকুমনি দাসে সঞ্চালনা কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ মুখ্য প্ৰৱন্ধক বৈকুণ্ঠ ফুকনে ৷ উদ্দেশ্য ব্যাখ্যাত মুখ্য প্ৰৱন্ধক ফুকনে মহিলা আত্মসহায়ক গোটসমূহে নিৰ্দিষ্ট সময়ত অথবা তাৰ পূৰ্বেই বেংকৰ পৰা লোৱা টকা ঘুৰাই দি থকা বাবে শলাগ লয়।

লগতে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে আজি ৫০ টা আত্ম- সহায়ক গোটক ১.৫৬,৩৬ কোটি টকা লোন দিয়া বাবেই এই সভাখন আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইয়াৰ আগে ধেমাজি জিলা অতিৰিক্ত মিৰ্জনা হুছেইনে সভাখনি উদ্ধোধন কৰি আত্মসহায়ক গোটৰ মহিলাসকলক উদ্দেশ্যি তেওঁ বক্তব্য ৰাখে।

আত্মসহায়ক গোট অথবা সঞ্চয়ৰ জৰিয়তে মহিলাসকলে কেনেধৰণে স্বাবলম্বী হ'ব পাৰে লগতে লোন গ্ৰহন কৰা আৰু পৰিশোধ কৰাৰ উপৰিও উৎপাদিত সামগ্ৰীৰ জৰিয়তে কেনেকৈ লাভৱান হ'ব পাৰি এই সম্পৰ্কে সভাত বিস্তৃত ব্যাখ্যাৰে বক্তব্য ৰাখে ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবীন কামান , ধেমাজি জিলা এন আৰ এল এমৰ প্ৰকল্প মেনেজাৰ দ্বয় স্বপন গোহাঁই আৰু প্ৰনৱজ্যোতি দলেয়ে ৷

সভাৰ মাজতে আত্মসহায়ক গোটৰ মহিলা সকলক ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখা ফালৰ পৰা লোনৰ চেক প্ৰদান কৰে ৷ আনহাতে ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ অধিবক্তা সাধনা দত্তই মহিলাসকলৰ সামাজিক দায়বদ্ধতাৰ লগতে প্ৰাপ্য অধিকাৰ আৰু স্বাৱলম্বিতাৰ বিষয়ত মননশীল বক্তব্য আগবঢ়ায় ৷

ধেমাজিত আত্মসহায়ক গোট আৰু এছ ইউ আই মহিলাসকলৰ মাজত আইন সজাগতা সভা ও লোন মেলা
ঢকুৱাখনা-ঘিলামৰাত কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল বিদ্যুৎ বিভাগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in