ধৰ্মপ্ৰাণ মহিলা লাভেশ্বৰী শইকীয়াৰ বিয়োগ

ধৰ্মপ্ৰাণ মহিলা লাভেশ্বৰী শইকীয়াৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
ধৰ্মপ্ৰাণ মহিলা লাভেশ্বৰী শইকীয়াৰ বিয়োগ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ঘিলামৰা সদৰৰ ১ নং ঘিলামৰা গাঁও নিবাসী ধৰ্মপ্ৰাণ মহিলা লাভেশ্বৰী শইকীয়াৰ মৃত্যু। মঙ্গলবাৰে দুপৰীয়া ধৰ্মপ্ৰাণ মহিলা শইকীয়াৰ প্ৰায় ৯০ বছৰ বয়সত মৃত্যু হয়।

Advertisment

উল্লেখ্য যে,সমাজহিতৈষী শইকীয়া দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ আছিল । মঙ্গলবাৰে পুৱাৰ পৰা তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি দুপৰীয়া ১১-২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত শইকীয়াই পুত্ৰ কন্যাসহ অজস্ৰ ইষ্ট কুটুম্ব আৰু গুণ মুগ্ধক ইহসংসাৰত এৰি থৈ যায় । বিদুষী বৰ্ষীয়ান মহিলাগৰাকীৰ বিয়োগত সমগ্ৰ ঘিলামৰাত শোকৰ ছাঁ পৰিছে । মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি বিয়লি শেষকৃত্য সম্পন্ন কৰা হয়।

Also Read: সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ স্মৃতিচাৰণ সভাৰ আয়োজন

dhakuakhana