/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/90b1c52b-a9e1-4f42-acc0-a2d8eb23a4fe/218.jpg)
ডিজিটেল সংবাদ,ধুবুৰী : পূৰ্বৰ দৰে এইবাৰো ধুবুৰী জিলাৰ বিলাসীপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখৰাত শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেওবাৰে প্ৰথম দিনা আখৰা মন্দিৰত পুৱা ৫-০০ বজাত ৰাস মহোৎসৱৰ শুভাৰম্ভ,৬-০০ বজাৰ পৰা অষ্টকালীন লীলা কীৰ্তন পৰিৱেশন,অষ্টকালীন লীলা কীৰ্তন পৰিৱেশন কৰে কালীপদ সাহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/de6c4931-1458-43a4-ad94-14bec26c143a/8af70b56_65f3_4ab3_951b_5ad41d25d080.jpg)
উদযাপন সমিতিয়ে জনোৱা অনুসৰি অধিবাসেৰে পাতনি মেলা আখৰা মন্দিৰৰ নিত্য-নৈমিত্তিক কৰ্মাদিৰ উপৰি ৰাস উৎসৱৰ লগত সংগতি ৰাখি আন কেইবাটাও আধ্যাত্মিক,সাংস্কৃতিক আদি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সমান্তৰালকৈ অষ্টসখী স্থাপন,জাগৰণ,উত্তৰাগোষ্ট,ৰাসলীলা আৰু সোমবাৰে অৰ্থাৎ দ্বিতীয় দিনা পুৱা ৫-০০ বজাত অষ্টকালীন লীলা কীৰ্তনৰ সমাপন হোৱাৰ লগতে নগৰ কীৰ্তন,ভোগ,প্ৰসাদ বিতৰণ কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/02ae4614-a97a-4374-bc42-67ea11083565/d4116ad2_b9d9_4bc2_9c21_1ac556f4141f.jpg)
অহা ৮ ডিচেম্বৰত সন্ধিয়া ৭-০০বজাৰ পৰা "বাউল সংগীত" পৰিবেশন কৰা হ'ব। পশ্চিমবংগৰ পৰা বাউল সম্ৰাট, কেশৱ ভাৰতী দাস আৰু বেতাৰ শিল্পী স্মৃতিকনা মণ্ডলে বাউল সংগীত পৰিবেশন কৰিব বুলি উদযাপন সমিতিৰ সম্পাদক জগন্নাথ সাহাই জানিবলৈ দিয়ে। শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাক কেন্দ্ৰ কৰি অগণণ ভক্তৰ আগমনত আখৰাখন দ্বিতীয় বৈকুণ্ঠ হিচাপে পৰিলক্ষিত হৈছে। উল্লেখ্য যে যোৱা প্ৰায় সাতদশক পূৰ্বে শ্ৰীশ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখৰাখন স্থাপন কৰা হৈছিল।
Also Read: মাজবাট আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ভাং