অসমক সমৰ্থন কৰাৰ বাবেই এটা পৰিয়ালক গাঁৱৰ পৰি বহিষ্কাৰ, বকোত উত্তেজনা

অসমক সমৰ্থন কৰাৰ বাবেই এটা পৰিয়ালক গাঁৱৰ পৰি বহিষ্কাৰ, বকোত উত্তেজনা

author-image
asomiyapratidin
New Update
অসমক সমৰ্থন কৰাৰ বাবেই এটা পৰিয়ালক গাঁৱৰ পৰি বহিষ্কাৰ, বকোত উত্তেজনা

ডিজিটেল সংবাদ,ছমৰীয়া:-অসম-মেঘালয় সীমা সমস্যাক লৈ বকোৰ গাৰোজানত চাঞ্চল্যকৰ ঘটনা। অসমক সমৰ্থন কৰাৰ অপৰাধত এটা পৰিয়ালৰ তিনি জনক গাঁৱৰ পৰা বহিস্কাৰ।গাঁৱৰ পৰা খেদি দিলে আশা মাৰাকক।

Advertisment

আশা মাৰাকৰ ভাতৃ লাপচিং মাৰাক বোৱাৰী জহিনা চাংমাক বহিস্কাৰ। বকোৰ নামপথাৰৰ ভবেন ৰাভাৰ গৃহত আশ্ৰয় অসহায় পৰিয়ালটোৰ। চাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰ মতে গাৰোজান অসমৰ গাঁও হিচাপে চিহ্নিত।

ঐতিহাসিক সীমা সমস্যা সমাধান মতেও গাৰোজান অসমৰ ভূ-খণ্ডত।তাৰপিছতো গাৰোজানৰ একাংশই চামিল হব বিচাৰে মেঘালয়ত।ইয়াকে লৈ সীমান্তৱৰ্তী গাৰোজানত বিবাদ তুংগত।কিছু সময় পূৰ্বে পৰিস্থিতি উত্তপ্ত হৈ পৰে সীমান্তৱৰ্তী বকোৰ গাৰোজানত।

হাতে-হাতে দা কুঠাৰ লৈ অসম আৰক্ষীক খেদি আহে মেঘালয়ৰ সমৰ্থকে।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লাঠিচালনা।শেহতীয়া খবৰ অনুসৰি বৰ্তমানেও উত্তেজিত হৈ আছে বকোৰ গাৰোজান অঞ্চল।ঘটনাস্থলীত মোটায়েন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী।

আৰু পঢ়ক: আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ…

assam Assam police meghalaya