মঙলবাৰে খোল খাব নীলমণি ফুকনে নিত্য বৰাৰ হাতত দি যোৱা চিঠি...

author-image
Asomiya Pratidin
New Update
মঙলবাৰে খোল খাব নীলমণি ফুকনে নিত্য বৰাৰ হাতত দি যোৱা চিঠি...

ডিজিটেল ডেস্ক : অৱশেষত খোল খাব নীলমণি ফুকনে দি যোৱা চিঠিখন । ২৪ জানুৱাৰী,২০২৩ ত দিনৰ ১১ বজাত ‍আনুষ্ঠানিকভাৱে এই চিঠিখনৰ বন্ধ খাম খুলিব বিশিষ্ট স্তম্ভ লেখক নিত্য বৰাই অসমীয়া প্ৰতিদিন ডিজিটেলক নিত্যবৰাই জানিব দিয়া মতে কেৱল সাংবাদিকৰ উপষ্ঠিতিৰ এই পত্ৰখন খুলি নীলমণি ফুকনে তাত কি লিখি গৈছে তাক ৰাজহুৱা কৰিব ।

Advertisment

উল্লেখ যোগ্য যে, ২০০৪ চনতেই সেই পত্ৰখন লেখি নিত্য বৰাক দি গৈছিল নীলমণি ফুকনে বন্ধ চিঠি খনৰ ওপৰত ৰঙা চিয়াহীৰে লিখি থৈ গৈছিল "মই যোৱাৰ পাছতহে খুলিবা, বিশ্বাসটো ৰাখিবা ।

মন কৰিব লগীয়া যে, নীলমণি ফুকনৰ কবিতা এজন স্পেনিছ কবিৰ পৰা চুৰ কৰা বুলি গভীৰ ষড়যন্ত্ৰ চলিছিল । আজিৰ পৰা ৬ দশকৰ পূৰ্বেই চলা এই ষড়যন্ত্ৰৰ আঁৰত কোন আছিল সেই এই কথা এই পত্ৰখনত আছে বুলি অনুমান কৰা হৈছে । কটন বিশ্ববিদ্যালয়ত এই অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি অনুমান কৰা হৈছে ।

আৰু পঢ়ক : হেল্ল' মে শ্বাহৰুখ...

NILAMONI PHUKAN