হেল্ল' মে শ্বাহৰুখ...

হেল্ল' মে শ্বাহৰুখ...

- মৃদুল কুমাৰ সন্দিকৈ

অৱশেষত ফোনটো আহিল । পুৱতি নিশা ২ বজাত বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে জগালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । তাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই চচিয়েল মিডিয়া আৰু টুইটাৰ হেণ্ডেলত সেই কথা ৰাজহুৱা কৰি লিখিলে ।

মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে - বলীউদৰ অভিনেতা শ্বাহৰুখ খানে আজি পুৱা ২ বজাত মোক ফোন কৰিছিল । গুৱাহাটীত তেওঁৰ ছবি এখনক লৈ সংঘটিত এটা ঘটনাক লৈ তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে । মই তেওঁক নিশ্চয়তা দিলো আইন-শৃংখলা, পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতো ৰাজ্য চৰকাৰৰ দ্বায়িত্ব । লগতে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰু ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ নিশ্চয়তা দিলো ।

মুখ্যমন্ত্ৰীৰ এই টুইটৰ পাছত বিভিন্ন জনে বিভিন্ন ধৰনে কথাবোৰ বিশ্লেষণ কৰিছে । কিয়নো শ্বাহৰুখ খানৰ ফোন অহাৰ ১০ ঘন্টা মানৰ পূৰ্বে সাংবাদিকে শ্বাহৰুখ খানৰ সদ্য মুক্তি পাব লগা বিতৰ্কিত ছবি আৰু গুৱাহাটীত সংঙটিত ছবিখন কেন্দ্ৰিক এক ঘটনাক লৈ প্ৰতিক্ৰিয়া বিচাৰিছিল ।

মুখ্যমন্ত্ৰীয়ে সাংবাদিকক ওলোটাই প্ৰশ্ন কৰিছিল শ্বাহৰুখ খান কোন । আনকি কিবা থাকিলে শ্বাহৰুখ খানে তেওঁক ফোন কৰিব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । কাকতলীয় ভাৱে মুখ্যমন্ত্ৰীলৈ শ্বাহৰুখ খানৰ ফোন অহা বুলি খবৰ সদৰি হোৱাৰ পাছতেই কিছু কিছুৱে এই বিষয়টোক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খানৰ এই ছবিখনৰ সন্দৰ্ভত সাংবাদিক সোধা প্ৰশ্নৰ উত্তৰত আন এক গুৰুত্বপূৰ্ণ কথা কৈছিল । সেইয়া আছিল অসমীয়া চিনেমা হে আমি চাব লাগে । উদাহৰণ স্বৰূপে কিছু দিনৰ পাছতেই মুক্তি পাব লগীয়া অসমীয়া ছবি ডা : বেজবৰুৱা ২ লৈ আঙুলিয়াই দিছিল মুখ্যমন্ত্ৰীয়ে ।

পাঠানক লৈ ইমান হুলস্থুল কিয় ? হিন্দুত্ববাদী সংগঠন সমূহৰ মূৰৰ কামোৰণি ক'ত ? ২৫ জানুৱাৰী, ২০২৩ ত মুক্তি পাব লগীয়া ছবিখনৰ বাবে অগ্ৰীম টিকটৰ বিক্ৰী প্ৰায় শেষ হৈছে । ১ লাখ ১৭ হাজাৰ লোকে বুক কৰিছে পাঠান চাবলৈ টিকট । অগ্ৰীম টিকট বুকিঙৰ প্ৰথম দিনটোতেই এই সহাৰি পাঠানৰ প্ৰতি ।

সিদ্ধাৰ্থ আনন্দৰ কাহিনী আৰু পৰিচালনাৰে বিশাল শেখৰ আদিৰ সংগীত পৰিচালনাৰে ছবিখন নিৰ্মাণ কৰিছে প্ৰযোজক আদিত্য চোপ্ৰাই । স্পাই এক্সন থ্ৰীলাৰ এই ছবিখনৰ বাজেট ২৫০ কোটি । মূল চৰিত্ৰ পাঠানত অভিনয় কৰিছে শ্বাহৰুখ খানে । ছবিখনৰ নায়িকা দিপীকা পাডুকন । এই ছবিখনত আছে জন আব্ৰাহাম । তেওঁ এক বিচ্ছিন্নতাবাদী সংগঠনৰ নেতা । ২ মাৰ্চ,২০২২ ত ছবিখনৰ প্ৰথম টীজাৰ ৰাজহুৱা কৰা হৈছিল আৰু শেহতীয়াকৈ ছবিখনৰ গানৰ কিছু অংশ মুকলি কৰি দিয়াৰ পাছত বিতৰ্কৰ সূত্ৰপাত হয় । বেছৰম ৰং শীৰ্ষক গীতটোত দিপীকা পাডুকনে পিন্ধা সাজ পোছাকক লৈ প্ৰশ্ন কৰা হৈছিল ।

স্বল্প বসিতা দিপীকাই গেৰুৱা ৰঙৰ নামমাত্ৰ কাপোৰ পৰিধান কৰি হেনো হিন্দুত্ববাদী অনুভুতিত আঘাত হানিছে । ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া হিন্দুত্ববাদী সংগঠন সমূহৰ ।এইয়া কেনে দৃষ্টিভংগী তাক লৈও এতিয়া দুই ফৈদৰ চলিছে তীব্ৰ বাক্ যুদ্ধ । মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই এই ছবিখন বেন কৰাৰ সপক্ষে মন্তব্য কৰাৰ পাছতেই ৰাজ্যখনৰ বিভিন্ন স্থানত শ্বাহৰুখ খান আৰু দিপীকা পাডুকনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠে ।

সেই জুই বিজেপিৰ আন একাংশ নেতাই জ্বলাই গ'ল পৰৱৰ্তী সময়ত । তাৰ ভিতৰত স্বাধ্বী প্ৰজ্ঞাও অন্যতম । গুৱাহাটীও পালেহি পাঠানৰ জুই । বজৰং দলৰ একাংশ সমৰ্থকে গুৱাহাটীৰ নাৰেংগীত ছবিখনৰ পোষ্টাৰ, হ'ৰ্ডিং ফালি প্ৰতিবাদ সাব্যস্ত কৰিলে । অযথা বিতৰ্ক কৰি ছবিখনকেই যেন আমি মাইলেজ দিছো ।

প্ৰশ্ন হয়, যদি ছবিখনত ধৰ্মীয় অনুভূতিত আঘাত সনাৰ দৃশ্য বা অৱকাশ আছেই তেনেহ'লে চেঞ্চৰ ব'ৰ্ডে ছবিখন প্ৰদৰ্শনৰ অনুমতি কেনেদৰে প্ৰদান কৰিলে । অভিনেতা মুকেশ খান্নাই ইতিমধ্যে সেই প্ৰশ্ন তুলিছে । দেশজুৰি ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে । আনকি চিনেমা গৃহও কোনো কোনো স্থানত ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলাইছে ।

১৭ জানুৱাৰীত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহক বৈঠক হৈছিল । এই বৈঠকত খোদ প্ৰধান মন্ত্ৰীয়ে ক'ব লগীয়া হ'ল ছবিখনক লৈ অযথা বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থকা উচিত ।

২৯ ডিছেম্বৰ, ২০২২ ত চেন্ট্ৰেল ব'ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেছনে ছবিখনৰ নিৰ্মাণকৰ্তাক অনুৰোধ জনাইছিল ছবিখনৰ কিছু সাল সলনি কৰিবলৈ । কিন্তু নামমাত্ৰ সাল সলনি কৰি ছবিখন মুক্তি দিবলৈ সাজু হৈছে প্ৰযোজক । ছবিখনক লৈ বিতৰ্ক হোৱাৰ কাৰণ এইখিনিয়েই ।  এনে বহু বিতৰ্কিত ছবিয়ে মুক্তি লাভ কৰিছে । দৰ্শকে আদৰি ল'লে ছুপাৰ ডুপাৰ হিট হৈছে আৰু আদৰি নল'লে ফ্লপ হৈছে । পাঠানৰ ক্ষেত্ৰতো সেইয়াই হ'ব । কাশ্মীৰ ফাইলছক লৈ কিমান হৈ চৈ হ'ল । কিন্তু সফল হ'ল নে এই ছবি নিৰ্মাতা বা পৰিচালক ?

পাঠানে পাঠানৰ কাম কৰিব, বক্স অফিছত ছবিখনৰ সফলতা-বিফলতাৰ উমান পোৱা যাব । কিন্তু আমাৰ বাবে ভাল লগা কথাটো হ'ল এই বিতৰ্ক আৰু ঘটনাবোৰৰ মাজতেই বলীউদৰ অতি ব্যস্ত অভিনেতা শ্বাহৰুখ খানে অন্তত : অসমৰ মুখ্যমন্ত্ৰী লৈ ফোন কৰিবলৈ বাধ্য হ'ল ।

শ্বাহৰুখক চিনি নোপোৱা মুখ্যমন্ত্ৰীয়েও আজিৰ পৰা পাঠানৰ জৰিয়তে হ'লেও অভিনেতা গৰাকীৰ সৈতে পৰিচয় হোৱা সুযোগ পালে । মুখ্যমন্ত্ৰীলৈ ফোন কৰা মানেই অসমবাসীক ফোন কৰাৰ দৰে হৈছে । এতিয়া ব্যক্তিগত কাৰণত মুখ্যমন্ত্ৰীক ফোন কৰা শ্বাহৰুখে বলীউদৰ আন অভিনেতাৰ দৰেই অসমৰ প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আদিত ককবকাই থকাৰ সময়ত অসমবাসীৰ খবৰ ল'বলৈ আজৰি পাব নিশ্চয় । এতিয়াটো ডাইৰেক্ট কন্টেক্ট হ'ল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in