/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/48983e76-b8a8-4420-88cc-4ce2dbe14246/9.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া ৰাইজমেল কৃষক ছহিদ ভৱনত মঙ্গলবাৰে বিয়লি ভাগত প্ৰয়াত মুক্তিযোদ্ধা পৰশুৰাম চৌধুৰীৰ স্মৃতিত শোকসভা অনুষ্ঠিত কৰা হয়।ৰাইজমেল কৃষক ছহিদ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় শোকসভাখন । ৰাইজমেল কৃষক ছহিদ স্মৃতিৰক্ষা সমিতিৰ সম্পাদক পবিন কলিতাই আঁতধৰা অনুষ্ঠানৰ কাৰ্যসূচী ৰূপে প্ৰয়াত চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়।
আনহাতে ইয়াৰ পিছতে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম ৰাজ্যিক মুক্তি যোদ্ধা সন্মিলনীৰ সম্পাদক দীজেন্দ্ৰ মোহন শৰ্মা , প্ৰাক্তন বিধায়ক অনন্ত ডেকা, শিল্পী পেন্সনাৰ নৰেন্দ্ৰ শৰ্মা প্ৰমূখ্যে ব্যাক্তি সকলে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে ।
আনহাতে অনুষ্ঠানটোত প্ৰয়াত মুক্তি যোদ্ধা গৰাকীৰ পৰিয়াল বৰ্গকে ধৰি আন ভালেসংখ্যক লোক উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে । উল্লেখ্য যে প্ৰয়াত মুক্তিযোদ্ধা পৰশুৰাম চৌধুৰীয়ে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত ৰঙিয়াৰ পৰা অংশগ্ৰহণ কৰি মুক্তি যোদ্ধাৰ স্বীকৃতি লাভ কৰিছিল ।
Also Read: নগাঁৱৰ ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান