ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামক

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ডা° নজৰুল ইছলামলৈ শেষ শ্ৰদ্ধা ৷ নগাঁৱৰ ভূঞাপট্টিৰ নিবাসী প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ইছলামক শেষ শ্ৰদ্ধা জনাই অগনন লোকে ৷

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামক

ডিজিটেল সংবাদ,নগাঁও : ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ডা° নজৰুল ইছলামলৈ শেষ শ্ৰদ্ধা ৷ নগাঁৱৰ ভূঞাপট্টিৰ নিবাসী প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ইছলামক শেষ শ্ৰদ্ধা জনাই অগনন লোকে ৷ ৭২ বছৰ বয়সত শনিবাৰে ডা° ইছলামে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

Advertisment

দেওবাৰে নগাঁৱত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা , প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন , সাংসদ গৌৰব গগৈ , প্ৰদ্যুৎ বৰদলৈ আদিয়ে প্ৰয়াত ডা° নজৰুল ইছলামৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷ নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ , আৰক্ষী অধীক্ষক লীনা দলেয়ে শ্ৰদ্ধা জ্ঞাপন কৰে ৷ নগাঁও টাউন ঈদগাহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷

ভূঞাপট্টিৰ বাসভৱনৰ পৰা নজৰুল ইছলামৰ মৃতদেহ লৈ এক সমদল বাহিৰ কৰা হয় ৷ ৰাজ্যিক মৰ্যদাৰে প্ৰাক্তন মন্ত্ৰীজনক শেষ বিদায় জনোৱা হয় ৷ নগাঁও টাউন কবৰস্থানত প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ডা° নজৰুল ইছলামক কবৰ দিয়া হয় ৷

আৰু পঢ়ক: পূৰ্বাঞ্চল প্ৰিমিয়াম লীগ: হাটশিঙিমাৰীৰ হাতত ৭ উইকেটত পৰাস্ত তুৰা

assam nagaon