এম জি এনৰেগা আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম ৰাজ্যত

এম জি এনৰেগা আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম ৰাজ্যত

ডিজিটেল ডেস্ক : পোহৰলৈ আহিছে এম জি এনৰেগাৰ কেলেংকাৰী । কেন্দ্ৰীয় চৰকাৰক ভুল তথ্য যোগান ধৰি অসম চৰকাৰে বছৰি আদায় কৰি আহিছে এম জি এনৰেগাকে ধৰি গ্ৰামোন্নয়নৰ বহু কেইখন আঁচনিৰ হেজাৰ হেজাৰ কোটি টকা ।

২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে অসমকে ধৰি দেশৰ কেতবোৰ ৰাজ্যলৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰি এইবুলি নিৰ্দেশ জাৰি কৰিছিল যে যিবোৰ ৰাজ্যই এম জি এনৰেগাৰ অধীনত বছৰি এহেজাৰ বা এহেজাৰ কোটিতকৈ অধিক টকা লাভ কৰে তেনে ৰাজ্যই আঁচনিখনৰ সঠিক ৰূপায়নৰ স্বাৰ্থত শীঘ্ৰে গঠন কৰিব লাগিব এটা সুকীয়া কাৰিকৰী কোষ ।

কিন্তু বৃহৎ অংকৰ ধন লুন্ঠনৰ স্বাৰ্থতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আজিপৰ্যন্ত বিভাগটোত গঠন নকৰিলে সুকীয়া কাৰিকৰী কোষ । ইয়াৰ বিপৰীতে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে কেন্দ্ৰক ভুৱা তথ্য দি বছৰি আদায় কৰি আহিছে এম জি এনৰেগাৰ ধন ।

উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰাপমোন্নয়ণ বিভাগটোত ৩৩ গৰাকী কাৰ্যবাদী অভিযন্তা, ২১৯ গৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তা, ৪৭১ গৰাকী সহকাৰী অভিযন্তা আৰু ৬৫৫ গৰাকী কনিষ্ঠ অভিযন্তাৰ পদ আছে যদিও বিভাগটোৱে কেন্দ্ৰক দেখুৱাবলৈ কেইজনমান কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা, কনিষ্ঠ অভিযন্তা নিযুক্তি দি ৰাখিছে যদিও সেইসকল অভিযন্তাই কোনো কাৰিকৰী জ্ঞান নথকা মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ নিৰ্দেশতহে বিভাগীয় আঁচনিসমূহ ৰূপায়ণৰ ব্যৱস্থা কৰিব লাগে । বিভাগটোৰ ভিতৰ চ'ৰাৰ এনে খেলিমেলিৰ বাবেই নৱনিযুক্ত ২১৮ গৰাকী সহকাৰী অভিযন্তাই পদত্যাগ কৰি অন্য বিভাগলৈ গুচি গৈছে ।

এম জি এনৰেগা আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম ৰাজ্যত
বৰডুমচাৰ ১নং ডুমডুমা নগাঁৱৰ এজন যুৱক সন্ধানহীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in