বোকাখাতত বৃহৎ বালি চিণ্ডিকেটঃ অদৃশ্য শক্তিৰ কৃপাত সকলো মেনেজ...

বোকাখাতত বৃহৎ বালি চিণ্ডিকেটঃ অদৃশ্য শক্তিৰ কৃপাত সকলো মেনেজ...

author-image
Asomiya Pratidin
New Update
বোকাখাতত বৃহৎ বালি চিণ্ডিকেটঃ  অদৃশ্য শক্তিৰ কৃপাত সকলো মেনেজ...

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ বিহৰা চাহ বাগিছা আৰু চিনাকান,ৰৌদুৱাৰ গাঁৱৰ সমিপেৰে বৈ যোৱা ধনশিৰি নদীত একাংশ বালি মাফিয়াই অবৈধ ভাৱে বালি সংগ্ৰহ কৰি থকাৰ খবৰ ৰাখিছেনে বোকাখাতৰ সচেতন নাগৰিকে ?

Advertisment

হয়, বোকাখাতৰ বিহৰা চাহ বাগিচা, চিনাকান,ৰৌদুৱাৰ গাঁৱৰ সমীপেৰে বৈ যোৱা ধনশিৰি নদীত অত্যন্ত গৰা খহনীয়া প্ৰৱণ বুলি চিহ্নিত এই অঞ্চলটোত দৈনিক লাখ লাখ টকাৰ বালি সংগ্ৰহ কৰি বালি মাফিয়াই গঢ়ি তুলিছে এক বৃহৎ বালি চিণ্ডিকেট।

নদীখনত ঠায়ে ঠায়ে পাৱাৰ পাম্প স্থাপন কৰি মুক্ত ভাবেই বালি সংগ্ৰহ কৰি আহিছে বালি মাফিয়াই। ফলত নদীখনৰ স্বাভাৱিক গতীধাৰা আৰু বিস্তীৰ্ণ কৃষিভূমিলৈও আহি পৰিছে বৃহৎ ভাবুকি।

তাৰ পাছতো মাত্ৰ কেই কিলোমিটাৰমান আঁতৰতে থকা নুমলিগড় খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা আজিৰ তাৰিখলৈকে পৰিলক্ষিত নহ'ল।

প্ৰশ্ন হয় , দৈনিক এক মোটা অংকৰ ধনৰ বিনিময়ত এক বিস্তৃত গৰা খহনীয়া প্ৰবণ অঞ্চলত মুক্ত ভাবেই অবৈধ বালিৰ ব্যৱসায় কৰিবলৈ এৰি দিছে নেকি নুমলিগড় খণ্ড বন বিভাগৰ কাৰ্যালয়ে।

লগতে বোকাখাতৰ বিভিন্ন জাতীয় সংগঠন, স্বেচ্ছাসেৱী সংগঠন, পৰিৱেশ সংগঠন আদিও এই ক্ষেত্ৰত নিৰ্লিপ্ত নে উক্ত বালি মাফিয়াৰেই গোপন সহযোগী এই প্ৰশ্নও নিশ্চয় অপ্ৰাসংগিক নহ'ব।

জানিব পৰা মতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন বহিস্কৃত কৰ্মীও জড়িত হৈ আছে এই বৃহৎ বালি চিণ্ডিকেটৰ সৈতে। উল্লেখযোগ্য যে উক্ত গৰা খহনীয়া প্ৰবণ অঞ্চলটোত কিছু বছৰৰ পূৰ্বে গৰা খহনীয়া প্ৰতিৰোধী জিঅ'বেগ স্থাপন কৰি গৰা খহনীয়া ৰোধৰ ব্যবস্থা কৰা হৈছিল যদিও নদীখনৰ কাষে কাষে দৈনিক অধিক ওজনৰ বালি সৰবৰাহকাৰী ড্ৰাম্পাৰৰ চলাচল হৈ থকাৰ বাবেই গৰা খহনীয়া প্ৰতিৰোধী ব্যবস্থাটোৰ প্ৰতিও আহি পৰিছে ভয়াবহ সংকট।

ইফালে উক্ত গৰা খহনীয়া প্ৰতিৰোধী জিঅ' বেগ আৰু নতুন নতুন ঠাইত যদি পুণৰ গৰা খহনীয়া আৰম্ভ হয় তেতিয়া ভয়ানক বিপদৰ সন্মুখিন হ'ব লাগিব কুৰুৱাবাহী মেৰকান, চিনাকান গাঁৱকে আদি কৰি এক বৃহৎ অঞ্চল আৰু বিস্তীৰ্ণ কৃষিভূমিয়ে ।ইমানৰ পাছতো বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা মুঠেও চিন্তিত নহয় গৰা খহনীয়াত জাহ যাবলৈ ওলোৱা এই বৃহৎ কৃষিভূমিৰ প্ৰতি।

Also Read: অসম নাট্য সন্মিলনৰ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচন...

বোকাখাত