অসম নাট্য সন্মিলনৰ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচন...

অসম নাট্য সন্মিলনৰ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচন...

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১৯৫৯ চনতে প্ৰতিষ্ঠা লাভ কৰা অসম নাট্য সন্মিলনৰ বিষয়ববীয়াৰ মাজত পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত আৰু সভাপতিত্বত গঠিত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশনৰ বিষয়বাচনি সভাত কুমাৰ দীপক দাসক পুনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় যদিও কাৰ্যকৰী সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে কেইবাগৰাকী প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ-সমৰ্থন হয়।

প্ৰতিনিধি সকলে প্ৰস্তাৱ আৰু সমৰ্থন উঠাই নোলোৱাত সভাৰ সিদ্ধান্ত মৰ্মে সন্মিলনৰ সেই দুটি বিশেষ গুৰুত্বপূৰ্ণ পদৱীৰ বাবে পাঁচগৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ আজি ভোট গননা অনুষ্ঠিত হোৱাৰ পাছত ফলাফল ঘোষণা কৰা হয়। গুৱাহাটীৰ ৰূপনগৰস্থিত পেঞ্চনাৰ ভৱনত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত ভোট গননাৰ অন্তত বিয়লি ৫.৩০ বজাত নিৰ্বাচন সমিতিয়ে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰে।

ফলাফল অনুসৰি অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি পদৰ প্ৰাৰ্থী বিশিষ্ট নাট্যসাধক, সংগঠক তথা স্বৰ্ণপীঠ মণ্ডলৰ প্ৰাক্তন সভাপতি হিৰন্য হাজৰিকাই ৪৭৩ টা ভোট লাভ কৰাৰ বিপৰীতে মানিক গোস্বামীয়ে মাথোঁ ৪৫ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়। ইফালে প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী জয়ন্ত শইকীয়াই ১০২ টা ভোট লাভ কৰাৰ বিপৰীতে হিমাদ্ৰী শৰ্মাই ১৭৩ টা আৰু সন্তৰাম দাসে ২৪৪ টা ভোট লাভ কৰে। কাৰ্যকৰী সভাপতি পদৰ নিৰ্বাচনত ৪ টা আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনত ১ টা ভোট নষ্ট হোৱা বুলি ঘোষণা কৰা নিৰ্বাচন সমিতিয়ে কাৰ্যকৰী সভাপতি পদৰ প্ৰাৰ্থী বিশ্বনাথ জিলাৰ হিৰন্য হাজৰিকাই সৰ্বাধিক ভোট লাভ কৰাৰ বাবে অসম নাট্য সন্মিলনৰ ২০২৪-২৫ বৰ্ষৰ বাবে নিৰ্বাচিত হোৱাৰ কথা ঘোষণা কৰাৰ লগতে প্ৰধান সম্পাদকৰ বাবে ২৪৪ টা ভোট লাভ কৰা নগাঁৱৰ সন্তৰাম দাসৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় বুলি অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ প্ৰচাৰ সম্পাদক বিপুল কুমাৰ দিহিঙীয়া এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে।

তেওঁ জনোৱা মতে যোৱা ১৭ জানুৱাৰীৰ পৰা পাঁচ দিনীয়াকৈ তেজপুৰ কলেজীয়েট হাইস্কুলৰ প্ৰাংগণৰ বিষ্ণু-জ্যোতি ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি আৰু বিষয়বাচনি সভাত স্বৰ্ণপীঠ, কামপীঠ, সোমাৰপীঠ আৰু ৰত্নপীঠ মণ্ডলৰ অন্তৰ্গত প্ৰায় চাৰিশতাধিক শাখাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে অসম নাট্য সন্মিলনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ অহা বিশ্বনাথ চাৰিআলি নিবাসী হিৰন্য হাজৰিকা বিগত সময়ছোৱাত অসম নাট্য সন্মিলনৰ লগতে অসম সাহিত্য সভাৰ লগতো বিশেষভাৱে জড়িত হৈ আহিছে।

বিশেষকৈ বিশ্বনাথ চাৰিআলি শাখা নাট্য সন্মিলনৰ সম্পাদক আৰু পাছলৈ সভাপতি হিচাপে নিৰ্বাচিত হৈ নাট্য সাধনাত ব্ৰতী হয়। তাৰ পাছত বিশ্বনাথ জিলা নাট্য সন্মিলনৰ প্ৰতিষ্ঠা কালৰ অন্যতম সক্ৰিয় কৰ্মী হিৰন্য হাজৰিকা ২০১৪ চনত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ সম্পাদক আৰু পাছলৈ ২০১৮ চনত সভাপতি হিচাপে নিৰ্বাচিত হয়। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা হিৰন্য হাজৰিকা বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি জিলাখনৰ সাহিত্য ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰে। অসম নাট্য সন্মিলনৰ এই গুৰুত্বপূৰ্ণ পদ লাভ কৰাৰ বাবে স্বৰ্ণপীঠ কামপীঠ সোমাৰপীঠ আৰু ৰত্নপীঠ মণ্ডলৰ সমূহ শাখাই দুয়োকে অভিনন্দন জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in