ভোগদৈ গুৰিত মানুহৰ লাওখোলা উদ্ধাৰ

ভোগদৈ গুৰিত মানুহৰ লাওখোলা উদ্ধাৰ

ডিজিটেল সংবাদ,বিহপুৰীয়াঃ বিহপুৰীয়াৰ ভোগদৈ গুৰিত উদ্ধাৰ মানুহৰ লাওখোলা।স্থানীয় প্ৰদিপ চুৰি নামৰ ব্যক্তিজনৰ পুখুৰীৰ পৰা উদ্ধাৰ হয় লাওখোলাটো ৷ জানিব পৰা মতে মাছ ধৰিবলৈ পানী সিচোঁতে উদ্ধাৰ হয় লাওখোলাটো ।

লাওখোলাটো বিগত বৰ্ষৰ ৮ জুলাইত ভোগদৈগুৰিলৈ বিয়াৰ বৰযাত্ৰী হৈ গৈ নিৰুদ্দেশ হৈ থকা বিহপুৰীয়াৰ চৌদ্ধপুনীয়াৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী হাজৰিকা দত্তৰ দ্বিতীয় পুত্ৰ চিত্তৰঞ্জন দত্তৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে লাওখোলাটো উদ্ধাৰ কৰাৰ লগতে কাইলৈ পুৱা পুনৰ পুখুৰীত অভিযান শৰীৰৰ আন আন অংগৰ সন্ধান কৰিব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in