ডিমা-হাচাওত অব্যাহত ভূমিস্খলনৰ ঘটনা...

হাফলং-শিলচৰ ৰে'ল সেৱাও ব্যাহত হৈ পৰিছে

author-image
Asomiya Pratidin
New Update
ডিমা-হাচাওত অব্যাহত ভূমিস্খলনৰ ঘটনা...

ডিজিটেল ডেস্ক : পাহাৰীয়া জিলা ডিমা-হাচাওত অব্যাহত আছে ভূমিস্খলনৰ ঘটনা। ভয়ংকৰ ভূমিস্খলনৰ ফলত ব্যহত হৈ পৰিছে যাতায়ত।

Advertisment

ইয়াৰোপৰি জিলাখনৰ অন্যতম ব্যস্ত চহৰ মাইবাংত ভূমিস্খলনে ক্ষতিসাধন কৰিছে ৰে'লপথৰ। ফলত বৰাক উপত্যকাৰে ব্যাহত হৈছে ৰে'ল যোগাযোগ ব্যৱস্থা।

লগতে হাফলং-শিলচৰ ৰে'ল সেৱাও ব্যাহত হৈ পৰিছে। পানীৰ প্ৰচণ্ড ধলৰ ফলত নামি অহা মাটি আৰু পানীয়ে ব্যহত কৰিছে যাতায়ত ব্যৱস্থা।

জিলাখনৰ কেতবোৰ অঞ্চলৰ ৰাইজে দুৰ্বিসহ জীৱন পাৰ কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূৰ্বেও ২০২২ চনত এনে ঘটনা সংঘটিত হৈছিল। তাকে লৈ এতিয়া পাহাৰীয়া জিলাখনৰ ৰাইজ শংকিত হৈ পৰিছে।

Also Read: দক্ষিণ চীনত ৰাস্তা খহি ৩০ৰো অধিক লোক নিহত...

lumding Landslides diphu