Advertisment

দক্ষিণ চীনত ৰাস্তা খহি ৩০ৰো অধিক লোক নিহত...

ইতিমধ্যে চৰকাৰ আৰু প্ৰশাসনৰ সহযোগত দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱা গৈছে

author-image
Asomiya Pratidin
New Update
দক্ষিণ চীনত ৰাস্তা খহি ৩০ৰো অধিক লোক নিহত...

ডিজিটেল ডেস্ক : চুবুৰীয়া ৰাষ্ট্ৰ চীনত সংঘটিত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশখনৰ দক্ষিণ প্ৰান্তৰ মানঝৌ চহৰৰ এটি গুৰুত্বপূৰ্ণ পথ বুধবাৰে পুৱতি নিশা অকাস্মাতে খহি পৰে।

Advertisment

ফলত পথছোৱাৰ ওপৰতে থকা ভালেসংখ্যক বাহন বাগৰি পৰে। এই ঘটনাত অৰ্ধশতাধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰোপৰি উক্ত ঘটনাত প্ৰায় ৩৬গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দেশখনৰ কেইবাঠাইত বিগত দুসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ সৃষ্টি হৈছিল। সেই বাবেই এনে অনাকাঙ্খিত ঘটনা সংঘটিত হোৱা বুলি একাংশই উল্লেখ কৰে।

ইতিমধ্যে চৰকাৰ আৰু প্ৰশাসনৰ সহযোগত দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱা গৈছে। তদুপৰি কেইবাগৰাকী লোকক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰিছে।

Also Read: সোণাৰিত বিষাক্ত কাঠফুলা খাই অসুস্থ একে পৰিয়ালৰ ৩জন

china