ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত, বিস্তৰ ক্ষতি-সাধন কৰিলে ধুমুহাই

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত, বিস্তৰ ক্ষতি-সাধন কৰিলে ধুমুহাই

ডিজিটেল ডেস্ক : শনিবাৰে ৰাতিপুৱা অহা ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত । গুৱাহাটী মহানগৰীত এই বৰষুণৰ প্ৰকোপ দেখিবলৈ পোৱা নাযায় যদিও দাতি-কাষৰীয়া অঞ্চলসমূহ বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় বৰষুণ আৰু ধুমুহাৰ বাবে ।

৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰত বৃষ্টিপাতে ভূমিস্খলন সংঘটিত কৰাৰ ফলত বন্ধ হৈ পৰিছে সুৰংগ পথ । ইয়াৰ ওপৰিও ৰাষ্ট্ৰীয় ঘাইপথ বোকা পানীৰে ভৰি পৰাৰ ফলত ব্যাহত হৈ পৰিল যাতায়ত সেৱা । যাৰ ফলত প্ৰশাসনে সুৰংগ পথটো বন্ধ কৰি দিয়াৰ ওপৰিও অব্যাহত আছে মুকলিৰ বাবে প্ৰচেষ্টা ।

ইয়াৰ ওপৰিও ছিপাঝাৰত প্ৰচণ্ড ধুমুহাই ধ্বংস কৰিলে কেইবাটাও বাসগৃহ । ছিপাঝাৰতো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰিল যাতায়ত সেৱা ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত, বিস্তৰ ক্ষতি-সাধন কৰিলে ধুমুহাই
মহাৰাষ্ট্ৰৰ ৪টাকৈ মন্দিৰত আৰম্ভ কৰা হ'ল 'ড্ৰেছ কোড'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in