চৰত ভূ-মাফিয়াৰ দপদপনি, মাটি বেদখল কৰিবলৈ কৰিছে অগ্নি সংযোগ

শোণিতপুৰৰ বৰছলাৰ চৰত মাতব্বৰী আৰু ভূ-মাফিয়াৰ দপদপনিত এতিয়া ভ্ৰীতিগ্ৰস্ত হৈছে চৰ চাপৰিবাসী ৷

author-image
Asomiya Pratidin
New Update
চৰত ভূ-মাফিয়াৰ দপদপনি, মাটি বেদখল কৰিবলৈ কৰিছে অগ্নি সংযোগ

ডিজিটেল সংবাদ, ওৰাং: অবৈধ বেদখলকাৰী আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে কঠোৰ হৈছে তেনে সময়ে শোণিতপুৰৰ বৰছলাৰ চৰত মাতব্বৰী আৰু ভূ-মাফিয়াৰ দপদপনিত এতিয়া ভ্ৰীতিগ্ৰস্ত হৈছে চৰ চাপৰিবাসী ৷ বৰছলাৰ বিছখুটি আৰু তিনটিকীয়া চৰত দীৰ্ঘদিনৰ পৰা চলি অহা মাতব্বৰ আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে চৰ চাপৰিবাসীৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে৷

Advertisment

বিছখুটি চৰত দীৰ্ঘদিনৰ পৰা নগাঁৱৰ জিলাৰ খৈৰামাৰীৰ পৰা আহি আতাবুৰ ৰহমান সহ এটা ভূ-মাফিয়া চক্ৰই প্ৰথমে মহখুটিৰ নামত চৰৰ মাটি বেদখল কৰি মৰিগাঁও, নগাওঁ জিলাৰ লোকক অবৈধ প্ৰক্ৰিয়াৰে বিক্ৰী কৰি লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ তুলি এই চক্ৰটোৰ বিৰুদ্ধে ওলাই আহিছে ইয়াৰ ৰাইজ ৷ উল্লেখ্য যে নগাঁৱৰ জিলাৰ খৈৰামাৰীৰ আতাবুৰ ৰহমান নামৰ ভূ-মাফিয়া চক্ৰটোৱে আহি বিছখুটি চৰত ইয়াৰ স্থানীয় লোকক ভয় ভাবুকিৰে মাটি বেদখল কৰি নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন জিলাৰ লোকক প্ৰতি বিঘা চৰৰ মাটি ১০ ৰ পৰা ২০ হাজাৰ টকা পৰ্যন্তকৈ বিক্ৰী কৰি লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ তুলি চৰ চাপৰিবাসীয়ে ৷

এই চক্ৰটোৱে চৰৰ মাটি বেদখল কৰিবলৈ ইয়াৰ বিস্তৃৰ্ণ হাবিত নিশাৰ অগ্নি সংযোগ কৰিছে৷ ইফালে এই মাতব্বৰী আৰু ভূ-মাফিয়া চক্ৰৰ পৰা মাটি ক্ৰয় কৰি বিছখুটি চৰত বসবাস কৰা মৰিগাঁও জিলাৰ একাংশ লোকে উন্মোচিত কৰিলে ভয়ংকৰ তথ্য৷ কেনেকৈ কোনে কাৰ সাহত এতিয়াও চৰৰ মাটি বেদখল কৰি লাখ লাখ টকাৰ বিনিময়ত কৰিছে বিক্ৰী৷ মাটি ক্ৰয় কৰা একাংশ লোকে চক্ৰটোৰ কুকাৰ্য উন্মোচিত কৰিলে ৷

ইফালে চৰৰ ভূমিত নিশা এই ভূ-মাফিয়া চক্ৰটোৱে অগ্নি সংযোগ কৰা ঘটনা সন্দৰ্ভত শোণিতপুৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাত ঘটনাস্থলীত ঢেকিয়াজুলি আৰক্ষী, ৰাজহ চক্ৰ বিষয়া আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ কাৰ সাহসত বৰছলাৰ বিছখুটি চৰত মাতব্বৰ মাতব্বৰী ৰাজ আৰু ভূ-মাফিয়াৰ দপদপনি চলিছে তাকলৈ চৰৰ বাসিন্দাই শীঘ্ৰেই চৰকাৰ প্ৰশাসনৰ হস্তক্ষেপৰ দাবী কৰিছে৷

আৰু পঢ়ক : পৰাজয়ৰ পাছতো আপে লাভ কৰিব ৰাষ্ট্ৰীয় দলৰ মৰ্যদা...

assam orang