লামডিংত অঘটন ! ৰেল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ

ৰেল লাইনত পৰি যুৱকজনে আত্মহত্যা কৰিছে বুলি একাংশ ৰইজৰ সন্দেহ, যদিও আন একাংশই ৰেলৰ পৰা পৰি মৃত্যু হৈছে বুলিও সন্দেহ

author-image
Asomiya Pratidin
New Update
মহানগৰীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ...

ডিজিটেল সংবাদ,লামডিংঃ লামডিংত অঘটন। ৰেল লাইনৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ। নিশা ৰেল লাইনৰ পৰা এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৰেল আৰক্ষীয়ে I

Advertisment

জানিব পৰা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দলংৰ তলত থকা ৰেল লাইন কাষত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে যুৱকজনৰ বয়স আনুমানিক ২২ বছৰ।

উল্লেখ্য যে, আৰক্ষীয়ে একেই দিনাই ৰেলৰ পৰা পৰি মৃত্যু হোৱা দুজনযুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ দিনৰ ভাগত লামডিঙ নেতাজী ৰোডৰ সম্মুখত ৰেল লাইনত মূৰ কটা অৱস্থাত মৃতদেহ উদ্ধাৰ আৰু নিশা I O C ৰ সম্মুখত ৰেল লাইনত আন এজনৰ মৃতদেহ উদ্ধাৰ ৷

অৱশ্যে মৃত যুৱকজনৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই। ৰেল লাইনত পৰি যুৱকজনে আত্মহত্যা কৰিছে বুলি একাংশ ৰইজৰ সন্দেহ, যদিও আন একাংশই ৰেলৰ পৰা পৰি মৃত্যু হৈছে বুলিও সন্দেহ কৰে ৷ লামডিং ৰেল আৰক্ষীয়ে মৃতদেহটো মৰণোত্ত পৰীক্ষাৰ বাৱে ডিফু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Also Read: গহপুৰৰ শিশু হত্যাৰ নতুন মোৰ, পিতৃয়েই হত্যা কৰিছিল শিশুটিক

police indian railway