গহপুৰৰ শিশু হত্যাৰ নতুন মোৰ, পিতৃয়েই হত্যা কৰিছিল শিশুটিক

dangor kotha
dangor kotha

ডিজিটেল ডেস্ক : ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাইছে নৃশংস হত্যাকাণ্ডৰ ঘটনা । গহপুৰত এবছৰীয়া শিশু এটি পিতৃৰ সৈতে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সৈতেই পিতৃ নিৰুদ্দেশ হৈ পৰাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল । কিন্তু ঘটনাৰ ২৪ টা ঘন্টা পাৰ নহওতেই সমগ্ৰ কাণ্ডই ল'লে এক নতুন ৰূপ । নিৰুদ্দেশ হৈ থকা শচীন বৰদলৈয়ে নিশা বাসগৃহলৈ উভতি আহি হাতত দা লৈ এক আক্ৰমণাত্মক ভংগী গ্ৰহণ কৰাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শচীন বৰদলৈক । গহপুৰ আৰক্ষীয়ে আৰক্ষী চকীলৈ হত্যাকাৰী পিতৃক লৈ অনাৰ পিছত উত্তপ্ত ৰাইজে ঘেৰাও কৰে আৰক্ষী চকীত । হত্যাকাৰী পিতৃক ফাচী দিয়াৰ দাবীৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।

সমগ্ৰ ৰাজ্য কপাই যোৱা এই হত্যাকাণ্ডই আঙুলিয়াই দিছে বহু ন ন দিশ । ৰাজ্যখনত শেহতীয়াকৈ বৃদ্ধি পাইছে সকলো ধৰণৰ অপৰাধমূলক ঘটনা । এনে অপৰাধমূলক ঘটনাসমমুহৰ হাৰ কমাবলৈ কেৱল যেন অসম আৰক্ষীয়েই নহয় বৰং ৰাজ্যখনৰ গাঁৱে-ভূঞে সজাগতামূলক কাৰ্যসূচী লোৱাৰ ওপৰিও মনৰোগ বিশেষজ্ঞৰো সহায় ল'ব পাৰে প্ৰয়োজনত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in