শিক্ষাবিদ ললিত চুতীয়াৰ মৃত্যু

শিক্ষাবিদ ললিত চুতীয়াৰ মৃত্যু

ডিজিটেল সংবাদ ,ধেমাজিঃ শিক্ষাবিদ,জ্যেষ্ঠ নাগৰিক ললিত চুতীয়া ৮৬ বয়সত বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাত নিজগৃহতে মৃত্যু হয় ৷ ধেমাজি জিলাখনৰ বিভিন্ন অনুষ্ঠান ,প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক তথা জ্যেষ্ঠ নাগৰিক গৰাকীৰ মৃত্যুয়ে ধেমাজিত গভীৰ শোকৰ ছাঁ পেলায় ৷

১৯৩৭চনৰ ১৩ ফেব্ৰুৱাৰীত ধেমাজি বৰপাতৰীয়া গাওঁত জন্মগ্ৰহণ কৰা চুতীয়াইয়ে ১৯৫০ চনত ধেমাজি এম .ভি স্কুলত অধ্যয়ন কৰা পিছত ধেমাজি আদৰ্শ হাইস্কুলত কেইবছৰমান অধ্যয়ন কৰি পৰৰ্ৱতী সময়ত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত পঢ়ি ১৯৫৭ চনত ডিব্ৰুগড় গবৰ্ণমেণ্ট হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়।

একেদৰে তেওঁ ১৯৬০চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা প্ৰথম বিভাগত আই .এ আৰু ১৯৬২ চনত বি . এ , ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি .টি আৰু ১৯৮২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম.এ পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল ৷

উল্লেখ্য যে স্নাতক ডিগ্ৰী লোৱা পিছতেই চুতীয়াই মৰিধল এম .ই আৰু হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে শিক্ষকতা আৰম্ভ কৰে ৷ শিক্ষকতা কৰি পৰৱৰ্তী ১৯৯৬ চনৰ ৩০ এপ্ৰিলত অৱসৰগ্ৰহণৰ পিছতেই চুতীয়াই ১৯৯১ চনত ধেমাজি বি .এড কলেজ প্ৰতিষ্ঠা কৰি প্ৰায় বহুকেইবছৰ কাল অবৈতনিক অধ্যক্ষ তথা সম্পাদক হিচাপে কাৰ্য্যকাল চলাইছিল ৷

ইয়াৰোপৰিও চুতীয়াই ১৯৯৩ আৰু ২০০৪ চনত দুবাৰকৈ ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ,ধেমাজি প্ৰমোদ ভৱনৰ প্ৰাক্তন সম্পাদক ,ধেমাজি জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক , ধেমাজি বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি,অসম সাহিত্য সভা ,অসম বিজ্ঞান সমিতিৰ আৰু ৰেডক্ৰছ চোছাইটিৰ আজীৱন সদস্য থকা লগতে বহুকেইটা অনুষ্ঠান , প্ৰতিষ্ঠানৰ দায়িত্ববহন কৰিছিল।

শিক্ষাবিদ চুতীয়াৰ মৃত্যুৰ খবৰে ধেমাজিত বিভিন্ন দল,সংগঠন আৰু ৰাইজে গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে শিক্ষাবিদ ললিত চুতীয়াই, চুতীয়া জাতিৰ সম্পৰ্কত দুখনকৈ মূল্যবান গ্ৰন্থ লিখাৰ উপৰিও তেওঁ ইতিমধ্যে বাতৰি কাকত, আলোচনী আদিত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰৱন্ধ- নিবন্ধ লিখিছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে দুই পুত্ৰ এক কন্যাৰ লগতে ভাতৃ ,বোৱাৰী নাতি-নাতিনীক এৰি গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in