মণিপুৰ ঘটনাৰ প্ৰতিবাদত লাকুৱা কঁপালে জাতীয় মহিলা পৰিষদে

সমগ্ৰ দেশ কঁ‌পোৱা মণিপুৰৰ মহিলা যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ লগতে চৰাইদেউ জিলাতো প্ৰতিবাদ অব্যাহত আছে

author-image
Asomiya Pratidin
New Update
মণিপুৰ ঘটনাৰ প্ৰতিবাদত লাকুৱা কঁপালে জাতীয় মহিলা পৰিষদে

ডিজিটেল সংবাদ, চৰাইদেউঃ সমগ্ৰ দেশ কঁ‌পোৱা মণিপুৰৰ মহিলা যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন স্থানৰ লগতে চৰাইদেউ জিলাতো প্ৰতিবাদ অব্যাহত আছে ৷ সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত লাকুৱাত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

Advertisment

হাতে-হাতে প্লে'কাৰ্ড কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান প্ৰদৰ্শন কৰি মণিপুৰ কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে মণিপুৰত নাৰী নিৰ্যাতন ৰোধ কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হোৱা এন বীৰেন সিং চৰকাৰ ভংগ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰে ৷

Also Read: লখিমপুৰত জল জীৱন সন্মিলনঃ অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

protest