লখিমপুৰত জল জীৱন সন্মিলনঃ অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

লখিমপুৰত আয়োজিত জল জীৱন সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত জল জীৱন সন্মিলনঃ অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ অসমৰ গ্রাম্যাঞ্চলৰ মুঠ জনসংখ্যাৰ আধাতকৈয়ো বেছি জনগণক নলযোগে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ কৃতিত্বৰ পিছত জল জীৱন মিছনক আগন্তুক ৩০ বছৰলৈ কার্যক্ষম কৰি ৰাখিবলৈ সোমবাৰে লখিমপুৰৰ ত্যাগ ক্ষেত্রত আয়োজিত দ্বিতীয়খন বৃহৎ পৰিসৰৰ জল জীৱন সন্মিলনত অংশগ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। জল জীৱন মিছনৰ অংশীদাৰী গাঁৱৰ ৰাইজ, পানী উপভোক্তা সমিতিৰ সদস্য, জলমিত্র, জলদূত, গাঁও পঞ্চায়তৰ সদস্য, আত্ম সহায়ক গোট, বিদ্যালয় আৰু আংগনৱাড়ীৰ প্রতিনিধিক সামৰি অনুষ্ঠিত কৰা এই সন্মিলনত আঁচনিসমূহৰ সজাগতা সৃষ্টি আৰু বৃদ্ধিৰ বাবে ভিডিঅ' শ্ব', বাটৰ নাট আদিৰ সহায়ো লোৱা হয়।

Advertisment

অনুষ্ঠানত উপস্থিতসকলক সম্বোধন কৰি লখিমপুৰ জিলাৰ জল জীৱন মিছনৰ লগত জড়িত সকলো অংশীদাৰকেই মন্ত্ৰী বৰুৱাই সম্ভাষণ জনায়। ইয়াৰ লগতে জল জীৱন মিছনৰ সফলতা আৰু প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেখেতে কয় "স্বাধীনতাৰ ৭০ বছৰ পিছতো অসমত মাত্ৰ ১% লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু ২০১৯ চনত কাৰ্যকৰী কৰা জে জে এম জৰিয়তে প্ৰতিটো ঘৰতেই বিশুদ্ধ পানী যোগান ধৰাৰ কাম অতি ক্ষিপ্ৰ গতিত আগবাঢ়িছে আৰু বৰ্তমানলৈকে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত এতিয়ালৈ প্ৰায় ৫৩% অৰ্থাৎ ৩৫ লাখ মানুহৰ ঘৰলৈ পানী যোগান ধৰিবলৈ সক্ষম হৈছোঁ।"

তেখেতে লগতে জানিবলৈ দিয়ে যে- জে জে এমৰ জৰিয়তে লখিমপুৰ জিলাৰ দুয়োটা সংমণ্ডলত প্ৰায় ১ হাজাৰ কোটিটকৈও অধিক ব্যয়েৰে ১,৪৪৫ খন আঁচনি নতুনকৈ ৰূপায়ন কৰাৰ কাম আৰম্ভ হৈছে আৰু সেই ক্ষেত্ৰত মাত্ৰ এখন জিলাৰ কাৰণে আগবঢ়োৱা এই সহায়ৰ বাবে মন্ত্ৰী বৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। উল্লেখযোগ্য যে, এই সন্মিলন ক্ষেত্রৰ পৰাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জলজীৱন মিছনৰ ১০৩ টা নতুন প্রকল্পও ভার্চুৱেল পদ্ধতিৰে উদ্বোধন কৰে।

Also Read: CBIয়ে জব্দ কৰিলে লালু প্ৰসাদ যাদৱৰ ৬ কোটি টকাৰ সম্পত্তি

Jayanta Mallabaruah