/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/atzasaz2/NODI-20.jpg)
চাৰিকড়িয়াৰ বুকুত সন্ধানহীন কিশোৰ ছাত্ৰ...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত আমোলাপট্টিৰ এজন কিশোৰ ছাত্ৰ শুকুৰবাৰে সমীপৰ চাৰিকড়িয়া নদীত উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গা ধুবলৈ গৈ অকাল মৃত্যুক সাৱটি লয়। দুৰ্ভগীয়া কিশোৰজনৰ নাম মনিষ গুপ্তা।
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ ছাত্ৰ তথা আমোলাপট্টি নিবাসী অজয় গুপ্তাৰ পুত্ৰ মনিষে চাৰিকড়িয়া নদীত গা ধুবলৈ দুই সমনীয়াৰ লগত পানীত নামোতেই অকস্মাত পানীত ডুব যায়।
লগৰীয়া দুজনে অশেষ চেষ্টা কৰিও উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত পাছত এছ ডি আৰ এফ বাহিনী আৰু ঢকুৱাখনা আৰক্ষীক খবৰ দিয়াত বিয়লি পৰ্যন্ত সন্ধান চলাই কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
শুকুৰবাৰে দুপৰীয়াৰ পৰা বিয়লি পৰ্যন্ত এছ ডি আৰ এফ বাহিনীৰ গভীৰ ডুবাৰোৱে অক্সিজেন মাস্ক পৰিধান কৰি নদীৰ বুকুত কিশোৰজনৰ সন্ধান চলাই আছে। দৰিদ্ৰতাৰে যুঁজি শিক্ষা গ্ৰহণৰ লগতে এখন ব্যৱসায়িক প্ৰতিষ্ঠানতো কৰ্ম কৰি যোৱা নিৰ্জু মনিষৰ সন্ধানহীনতাৰ বাতৰিয়ে সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পেলাইছে ।
Also Read: ৰাষ্ট্ৰসংঘত আলোচিত মণিপুৰ প্ৰসংগঃ খুৰাইজাম আথৌবাই বিশ্ববাসীক ক'লে মণিপুৰৰ কথা...