অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস'ৰ ইংৰাজী অনুবাদ 'HISTORY OF THE ASSAMESE MIDDLE CLASS'ৰ উন্মোচন...

অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস'ৰ ইংৰাজী অনুবাদ 'HISTORY OF THE ASSAMESE MIDDLE CLASS'ৰ উন্মোচন...

ডিজিটেল ডেস্কঃ অসমৰ মধ্যবিত্ত সমাজখনৰ বিষয়ে পুংখানুপুংখ তথা অতি সুক্ষ্মভাৱে বিশ্লেষণ কৰিছিল ড০ প্ৰফুল্ল মহন্তই। বাস্তৱ ছবিখন তেওঁ বুজি পাইছিল আৰু সেইমতে তেওঁ লেখিছিলো- বিশিষ্ট সমাজ বিজ্ঞানী, চিন্তাবিদ প্ৰয়াত ড০ প্ৰফুল মহন্তৰ কালজয়ী গ্ৰন্থ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ ইংৰাজীত অনুবাদিত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত এইদৰে কয় প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসে। তেওঁ লগতে কয় যে- অসমৰ মধ্যবিত্ত সমাজখনৰ বিষয়ে প্ৰথম তথ্যভিত্তিকভাৱে লিখিছিল ড০ হীৰেন গোহাঁইয়ে। ১৯৭২ নে ৭৪ত গোহাঁইৰ কেইবাটাও প্ৰৱন্ধৰ পৰা সমল বিচাৰি ড০ প্ৰফুল মহন্তই বিস্তাৰিতভাৱে লিখি উলিয়াইছিল- অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস।'

এই কালজয়ী গ্ৰন্থখনৰ ইংৰাজীত অনুবাদিত গ্ৰন্থ HISTORY OF THE ASSAMESE MIDDLE CLASS- শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে। গুৱাহাটী প্ৰেছ ক্লাৱৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা- HISTORY OF THE ASSAMESE MIDDLE CLASS গ্ৰন্থখন লেখক তথা অনুবাদক হৈছে জীৱন গোস্বামী। এই অনুষ্ঠানটিত হাইদৰ হুচেইন, নবীন বৰুৱা, লোকনাথ গোস্বামী, ৰাণী বৰগোহাঁই, নীলমণিসেন ডেকাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে- ড০ প্ৰফুল্ল মহন্তই যদি এই গ্ৰন্থখনৰ বাদে আৰু গ্ৰন্থ ৰচনা নকৰিলেহেতেন তথাপিও তেওঁক অসমীয়া জাতি তথা সাহিত্যজগতত সদায়েই ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিলহেতেন। তেওঁৰ ওচৰত আমি সদায়েই ঋণী।' উক্ত অনুষ্ঠানটোতে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসেও ড০ প্ৰফুল্ল মহন্তই ৰোগীয়া দেহাৰেও কেনেদৰে সাহিত্য চৰ্চা কৰিছিল সেই কথা সোঁৱৰে। লগতে তেওঁ কয় যে, অসমীয়া মধ্যবিত্ত সমাজখনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নহলে শাসকপক্ষই নানান হাৰাশাস্তি কৰিবই। এয়া অতীতৰ পৰাই হৈ আহিছে। '

উক্ত অনুষ্ঠানটোত বিশেষ বক্তা হিচাপে উপস্থিত থাকে ৰাজনৈতিক প্ৰবন্ধকাৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক ড০ অখিল ৰঞ্জন দত্ত। এই গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰিবলৈ কিদৰে পৰ্যায়ক্ৰমে কাম বোৰ আগবাঢ়িছিল তাৰ কিছু আভাস দিয়াৰ লগতে দত্তই কিতাপখনৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ লগতে কয় যে, এই গ্ৰন্থখনৰ আমি যদি শিপাডাল বিচাৰি যাও তেন্তে ড০ হীৰেন গোহাঁই চাৰে নতুন পৃথিৱীত লিখা সেই প্ৰৱন্ধকেইটাৰ কথা উল্লেখ কৰিব লাগিব। সেই প্ৰৱন্ধকেইটাই ড০ প্ৰফুল্ল মহন্ত চাৰৰ এই কিতাপখনক উজ্জীৱিত কৰিছিল।'

উক্ত অনুষ্ঠানটিত অনুবাদক জীৱন গোস্বামীয়ে গ্ৰন্থখনক পাঠকে আদৰি লব বুলি আশা প্ৰকাশ কৰে। লগতে এখন কালজয়ী গ্ৰন্থৰ ইংৰাজী অনুবাদত কিছু ভুল-ক্ৰুটি থাকিব পাৰে আৰু তাৰ বাবে মাৰ্জনা বিচাৰে। উল্লেখ কৰিব লাগিব যে, HISTORY OF THE ASSAMESE MIDDLE CLASS গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বাঞ্চল প্ৰকাশনে। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ড০ জীৱন দত্ত বৰুৱাও।

অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস'ৰ ইংৰাজী অনুবাদ 'HISTORY OF THE ASSAMESE MIDDLE CLASS'ৰ উন্মোচন...
কলিয়াবৰ শিক্ষণ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in