
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনজাতি মিচিংসকলৰ সৰ্বাংগীন উন্নয়ন বিকাশ প্ৰথম আৰু প্ৰধান লক্ষ্য মিচিং স্বায়ত্ব শাসিত পৰিষদৰ। এখন প্ৰগতিশীল আৰু শৃঙ্খলিত আত্মনির্ভৰ সমাজ গঢ়াৰ উদ্দেশেৰে সন্মিলিত গনশক্তি অসম দলৰ নেতৃত্বত গঠিত এই স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বৃহস্পতি বাৰে ঢকুৱাখনাত অনুষ্ঠিত কৰা হয় গাঁও সভা। পৰিষদৰ ২১ নং পূৱ ঢকুৱাখনা- মাতমৰা পৰিষদীয় সমষ্টিৰ এই গাঁও সভাখন অনুষ্ঠিত হয় পূব ঢকুৱাখনাৰ কে কে ডি মহাবিদ্যালয়ৰ প্ৰাংগণত।
বৃহত্তৰ অঞ্চলটোৰ বয়স্ক নাগৰিক খেৰকটামুখ কনেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ কুটুমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমষ্টিটোৰ সাধাৰণ সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
ঢকুৱাখন জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং, সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক যতীন পেগু, ক্ৰীড়া সম্পাদকৰ ৰাজীৱ দলে, মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুৰেশ দলে, টাকাম মিচিং পৰিণ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য দীপাঞ্জল দলে, মিচিং বাঃনৌ কেবাংৰ পূৱ ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি পৰিক্ষিত মিলি, মিচিং মিমাগ কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি দ্বীপেন দলে, টাকাম মিচিং পৰিণ কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক অমৰজিৎ দলে, প্ৰাক্তন এম এম কেৰ নেতা মোহন পেগু আৰু কেইবাগৰাকীও বিশিষ্ট নাগৰিক আৰু সমষ্টিবাসী ৰাইজ উপস্থিত থকা সভাত ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ বাবে বিভিন্ন আঁচনি সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হয়।
জনাকীৰ্ণ ৰাজহুৱা সভাত প্ৰায় ১৫০ আঁচনি গ্ৰহণ কৰা হয়। শিক্ষা, গ্ৰাম্য ক্ৰীড়া, জীৱন জীৱিকা,আদি শিতানত অধিক অগ্ৰাধিকাৰ দি পৰিষদে অনাগত বিত্তীয় বর্ষত আত্মনির্ভৰ, সংস্কাৰমুখী আৰু উন্নয়মকামী সমাজ গঢ়াত অধিক গুৰুত্ব আৰোপ কৰিব বুলি সভাত জানিবলৈ দিয়ে এম এ চিৰ অধ্যক্ষ পেগুৱে ।