/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a04c4661-1e63-442a-9a69-6290c44c0552/5.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: বিগত তিনি দশক জোৰা পৰম্পৰা অব্যাহত ৰাখি এইবাৰো ঢকুৱাখনা মহকুমাৰ বৰ্ষামুখৰ ভাটি অয়েংগীয়াত আয়োজন চলিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ। গাঁওখনৰ পুৱেৰুণ যুৱ সমাজৰ উদ্যোগত চলিত বর্ষত ৩১ সংখ্যক ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।
অহা ২৬ আৰু ২৭ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য এই ৰাস মহোৎসৱৰ দৃষ্টিনন্দন অনুশীলন ইতিমধ্যে আৰম্ভ হৈছে । গাঁওখনৰ ভাটি অয়েঙ্গীয়া পূৱেৰুণ যুৱ সংঘৰ নাট্য মন্দিৰত দিনে নিশাই অব্যাহত আছে তৎপৰতা। উদযাপন সমিতিয়ে জনোৱা মতে, এইবাৰৰ ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ হিচাবে মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু মিচিং বোলছবিৰ অভিনেত্ৰী প্ৰণিতা লাগাছুৱে অভিনয় কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f61f4026-c5b8-4363-9893-e302ad1e6d2a/76b0203a_1557_4a54_9429_9e37ceab6c9d.jpg)
শ্যামন্তিকা শৰ্মাই দুয়োটা দিনত ৰাধা আৰু দৈৱকীৰ ভাওত অভিনয় কৰিব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে। বলিষ্ঠ অভিনয় আৰু মন পৰশা আলোক সজ্জাৰে চলিত বর্ষত দৰ্শকক সন্মোহিত কৰিবলৈ সষ্টম বৰ্ষামুখৰ ভাটি অয়েঙ্গীয়া গাঁওৰ ৩১ সংখ্যক ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাত দৰ্শকৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে ।
Also Read: মহানগৰীৰ পাঞ্জাবাৰীত বিধ্বংসী অগ্নিকাণ্ড : আঁতচবাজীৰ পৰাই অগ্নিসংযোগৰ সন্দেহ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us