ঢকুৱাখনা পৌৰসভাত দুই চৰকাৰী সদস্যক নিযুক্তি প্ৰদান

ঢকুৱাখনা পৌৰসভাত দুই চৰকাৰী সদস্যক নিযুক্তি প্ৰদান

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা পৌৰসভাত দুই চৰকাৰী সদস্যক নিযুক্তি প্ৰদান

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা পৌৰসভাত বুধবাৰে দুগৰাকী নতুন সদস্যক নিযুক্তি দিয়া হয়। চৰকাৰী নিৰ্দেশনা অনুসৰি ঢকুৱাখনা নগৰৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা নিতুল বৰা (টুনটুন) আৰু ১ নং ৱাৰ্ডৰ বাসিন্দা সংগীতা বৰবৰাক চৰকাৰ মনোনীত সদস্য হিচাপে নিযুক্তি দিয়া হয় ।

Advertisment

এই সন্দৰ্ভত পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত দুয়োগৰাকীকে এই নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । ঢকুৱাখনা পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা মহকুমাধিপতি কাৰ্ত্তিক কলিতা,পৌৰপতি ৰাজীৱ দাস,পৌৰ আয়ুক্ত ক্ৰমে মাণিক বৰুৱা,বগেন কোঁৱৰ, গুনলতা কুটুম,তিলেন দাস,সংগীতা গগৈ,দীপালি দাসৰ লগতে পৌৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

পৌৰপতি ৰাজীৱ দাসে পৌৰহিত্য কৰা সভাত বিজেপি দলৰ ঢকুৱাখনা জিলা সভাপতি প্ৰদীপ চমুৱা,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মহেশ দলে, ঢকুৱাখনা বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাঞ্জল দিহিংগীয়া,উপ সভাপতি লিটন গগৈ আদি গৰিষ্ঠ সংখ্যক দলীয় নেতৃত্ব উপস্থিত থাকে।

সভাতেই কাৰ্যবাহী বিষয়া কলিতাই নৱ নিযুক্ত দুই সদস্যক চৰকাৰ মনোনীত সদস্যৰ নিযুক্তি পত্ৰ প্ৰদান কৰে। নৱ নিযুক্ত দুয়োগৰাকী সদস্যক উদ্দেশ্যি উপস্থিত সকলো পৌৰ আয়ুক্ত আৰু দলীয় নেতৃবৰ্গই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

ইপিনে অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ বিত্ত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি যোৱা নৱ নিযুক্ত সদস্য নিতুল বৰাক বিধান পৰিষদৰ কাৰ্যালয়ত দলীয় নেতৃবৰ্গই উষ্ম আদৰণি জনায়।

Also Read: শিল্পী গোপাল বৰকটকীৰ আদৰণীয় পদক্ষেপ

dhakuakhana Dhakuakhana Municipality