শিল্পী গোপাল বৰকটকীৰ আদৰণীয় পদক্ষেপ

শিল্পী গোপাল বৰকটকীৰ আদৰণীয় পদক্ষেপ

ডিজিটেল সংবাদ,জামুগুৰিহাট : বাৰেচহৰীয়া ভাওনাৰে মহিমামণ্ডিত জামুগুৰিহাটত গুৰুজনাৰ সৃষ্টিৰাজী ভাওনা সংস্কৃতিৰ বাবেই সমগ্ৰ দেশতেই পৰিচিত ৷ এই ভাওনাৰ এক অবিচ্ছেদ্য অংগই হৈছে ৰূপসজ্জা ৷

এখন ভাওনাত অভিনয় কৰা ভাৱৰীয়াসকলৰ আকৰ্ষণ বৃদ্ধি কৰাৰ মূল বিষয়সমূহৰ ভিতৰত ৰূপসজ্জা অন্যতম ৷ কিন্তু বৰ্তমান সময়ত ৰূপসজ্জাৰ দিশত নৱ প্ৰজন্ম পিছপৰি থকা দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই জামুগুৰিহাটৰ শিল্পী গোপাল বৰকটকীয়ে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷

শিল্পীগৰাকীয়ে নৱ প্ৰজন্মৰ বহু কেইগৰাকী লোকক প্ৰথমাৱস্থাত বৰভগীয়া নামঘৰত ৰূপসজ্জাৰ প্ৰশিক্ষণ দি টনকিয়াল কৰি তুলিছে ৷ এই প্ৰশিক্ষণৰ অন্তত ইতিমধ্যে সকলো যুৱক ৰূপসজ্জাৰ দিশত সুদক্ষ হৈ পৰিছে ৷

পৰৱৰ্তী সময়তো শিল্পীগৰাকীয়ে জামুগুৰিহাটৰ গাঁৱে গাঁৱে এইদৰেই নৱ প্ৰজন্মক ৰূপসজ্জাৰ পদ্ধতি সমূহৰ জ্ঞান প্ৰশিক্ষণৰ জৰিয়তে সকলোকে একো একোগৰাকী সুদক্ষ ৰূপসজ্জাকাৰ হিচাপে গঢ়ি তুলিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে ৷ শিল্পী গোপাল বৰকটকীৰ নিজাবৱীয়া শিল্পীসুলভ মনোভাৱৰ এই প্ৰয়াসক সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ ৰাইজে একেমুখে প্ৰশংসা কৰিছে ৷

শিল্পী গোপাল বৰকটকীৰ আদৰণীয় পদক্ষেপ
নেঘেৰিটিং কালী মন্দিৰত "অসম দৰ্শন" আঁচনিৰ ব্যাপক অনিয়মৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in