/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c195c088-38cb-4d38-b536-92fe591fd76c/nhpc.jpg)
চোৰাং চিমন্টৰ সৰবৰাহ
ডিজিটেল সংবাদ, কলিয়াবৰঃ গেৰুকামুখৰ নিৰ্মিয়মান এন এইচ পি চিৰ প্ৰজেক্টলৈ সৰবৰাহ কৰা চিমেন্টৰ চোৰাং বেহাই সম্প্ৰতি সচেতন মহলক স্তম্ভিত কৰি তুলিছে । কলিয়াবৰ মহকুমাৰ উলুৱনী আৰক্ষীয়ে শুকুৰবাৰে বিয়লি আদবাটতে চিমেন্ট হৰলুকি কৰা চিমেন্টৰ চোৰাং বেপাৰীক আটক কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7845ee0d-51f1-456b-8887-c71b1b42032e/472aa260_6fb7_4bfd_af06_2ec594e6f78a.jpg)
নলতলীৰ সমীপৰ হাতীয়েখোৱাৰ ৩৭ নম্বৰ 'ক' ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা চোৰাং ব্যৱসায়ীগৰাকীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । লংকাৰ পৰা গেৰুকামুখৰ এন এইচ পি চিলৈ ডালমিয়া চিমেন্ট ভৰ্ত্তি এ এছ ০১ এন চি ৯৩৩১ নম্বৰৰ ট্ৰাকখনৰ পৰা চিমেন্ট ক্ৰয়-বিক্ৰয় কৰা অৱস্থাতে ট্ৰাকখনৰ চালকৰূপী বিক্ৰেতা নৃপেন ফুকনক আটক কৰে আৰক্ষীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/4b53c8db-6911-401e-b289-fd4faa336171/66a44acf_32e9_4dd1_9491_3f18b3e41ee0.jpg)
ধৃত নৃপেনৰ স্বীকাৰোক্তিৰ ভিত্তিত চোৰাংকৈ চিমেন্ট ক্ৰয় কৰা বুবু নাথক আটক কৰি উদ্ধাৰ কৰে দহবেগ চিমেন্ট । আৰক্ষীয়ে চোৰাংকৈ চিমেন্ট ক্ৰয় কৰি লৈ যোৱা বলেৰ' পিকআপ গাড়ীখনৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ।
Also Read: বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে ভেণ্টেজ চাৰ্কোলৰ চাইকেল ৰেলী