/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাবাসীৰ আশা আৰু ভৰসাৰ একমাত্ৰ থলী ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়। মহকুমাটোৰ ৰোগাক্ৰান্তৰ চিকিৎসা সেৱা প্ৰদানৰ হেতু স্থাপিত এইখন চৰকাৰী চিকিৎসালয় এতিয়া পতিত হৈছে ঘাটকৰ আলয়লৈ। প্ৰধানতঃ চিকিৎসালয়খনত সংলগ্ন যক্ষ্মা দূৰীকৰণ আঁচনিখনৰ বিৰুদ্ধে উত্থাপিত হৈছে এনে অভিযোগ। যক্ষ্মা ৰোগ নিৰ্মূলৰ পৰিবৰ্তে ঢকুৱাখনা যক্ষ্মা দূৰীকৰণ আঁচনিখনৰ গোটটোৱে চৰম দায়িত্বহীনতাৰে কাম-কাজ চলাই অহাৰ বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ সোমবাৰে তথ্য সমৃদ্ধভাৱে প্ৰকাশ পাইছে।
শেহতীয়াভাৱে অন্য এক বেপৰোৱা কাণ্ড "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধানত পোহৰলৈ আহিছে। জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ অন্তৰ্গত ঢকুৱাখনা গোটৰ একাংশ অবিবেচকী "লেবৰেটৰী টেকনিছিয়ান" তথা কৰ্মী আৰু দায়িত্ববাহী চিকিৎসক বিষয়াৰ দায়িত্বহীন ভূমিকাৰ বাবে প্ৰকৃত মূল্যায়ন নোহোৱা আৰু প্ৰকৃত ৰোগীক চিনাক্ত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে । শেহতীয়াভাৱে এনেবোৰ অকমন্য কৰ্মীৰ গুৰুত্বহীনতা পুনৰ ফাদিল হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b02aff65-5694-476e-af26-b17536f44c35/6b08fd2a-bf09-44d7-b43c-4d114334773c.jpg)
গোটটোৰ অকমন্য চৰিত্ৰ উদঙাই দিছে এগৰাকী বয়স্ক মহিলা আৰু আত্মীয়ই। ঢকুৱাখনা মহকুমাৰ মেধিসূতি গাঁৱৰ বয়স্ক মহিলা নন্দেশ্বৰী দলে আৰু আত্মীয়ই অভিযোগ উত্থাপন কৰা মতে সামান্য মূৰৰ বিষৰ বাবে ২৪জুনত চিকিৎসালয়লৈ গৈছিল মহিলা গৰাকী।৬৫ বছৰীয়া মহিলা গৰাকীয়ে এগৰাকী চিকিৎসকৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰাত চিকিৎসকে কিছু পৰীক্ষাৰ বিধান দিয়ে।সেই অনুসৰি মহিলা গৰাকীয়ে লেবৰেটৰীত তেজ আৰু খেকাৰৰ নমুনা দি ঘৰলৈ আহিছিল। পৰৱৰ্তী সময়ত মহিলা গৰাকীলৈ ২৬জুনত টি বি ইউনিতৰ পৰা ফোন কৰি তেওঁৰ টি বি পজিটিভ ওলোৱা বুলি কৈ দৰৱ নিয়াৰ পৰামৰ্শ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/327d5345-df95-4991-a45e-d0f6ca5c4589/b05dd0c0-1fda-483c-b1ff-132d509f1a5b.jpg)
শৰীৰত যক্ষ্মা ৰোগৰ কোনো প্ৰাথমিক লক্ষণ নথকা স্বত্বেও ঢকুৱাখনা টি বি ইউনিতৰ লেবৰেটৰীয়ে পৰীক্ষা কৰি যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাটো ধৰা পৰাত স্তম্ভিত হয় মহিলাগৰাকীৰ লগতে আত্মীয়। পৰৱৰ্তী সময়ত ইউনিতৰ তৰফৰ পৰা মহিলাগৰাকীক চিকিৎসালয়লৈ মাতি আনি খাবলৈ যোগান ধৰা হল যক্ষ্মা ৰোগৰ এসোপা মান দৰৱ।
নিশালৈ টি বি ৰোগৰ দৰৱ খাই মহিলাগৰাকীৰ শৰীৰত দেখা দিলে ব্যাপক পাৰ্শ্বক্রিয়া। উপায়ন্তৰ আত্মীয়ই কালি উক্ত ঔষধ বন্ধ কৰি ধেমাজিৰ বিশেষজ্ঞ চিকিৎসক কাষ চাপিল ৰোগীকলৈ। চিকিৎসকক সকলো বিৱৰি কোৱাত ৰোগীক নিৰ্দিষ্ট পৰীক্ষা কৰাৰ নিৰ্দেশ দিলে। পৰীক্ষাৰ ৰিপৰ্ট পাই স্তম্ভিত চিকিৎসক, ৰোগী আৰু আত্মীয়। শৰীৰত যক্ষ্মা ৰোগৰ কোনো সংক্ৰমণ নাই মহিলাগৰাকীৰ। সেই সময়ত বাস্তৱিকতে যক্ষ্মা ৰোগী নহয় মহিলাগৰাকী। স্তম্ভিত মহিলা আৰু আত্মীয়ই টি বি ইউনিতৰ পৰা যোগান ধৰা সকলো দৰব পেলাই দিয়ে ক্ষোভ উজাৰি।
তাৎপৰ্যপূৰ্ণ কথাযে প্ৰতিদিনে চিনাক্ত হোৱা ৰোগীৰ নাম তালিকা জিলা লৈ প্ৰেৰণ কৰিব লাগে। কিন্তু যোৱা ২৬জুনৰ পৰা আজি পৰ্যন্ত জিলা যক্ষ্মা ৰোগ বিষযালৈ নন্দেশ্বৰী পেগুৰ যক্ষ্মা ৰোগ পজিটিভ হোৱাৰ তথ্য অদ্যপি প্ৰেৰণ কৰা নাই ঢকুৱাখনা ইউনিতে।অথচ মহিলা গৰাকীক বিভাগৰ পৰা আই ডি খুলি দৰৱ পৰ্যন্ত খাবলৈ দিয়া হল যক্ষ্মা ৰোগৰ। আৰ্থিক সাহাৰ্যৰ বাবে বেংক একাউণ্ট পৰ্যন্ত বিচৰা হ'ল।
ঢকুৱাখনা গোটত এসোপা মান লেবৰেটৰী টেকনিছিয়ান উপলব্ধ হোৱাৰ পাছতো , উন্নত মানৰ দ নাট যন্ত্ৰ উপলব্ধ হোৱাৰ লগতে এগৰাকী এম অ টি চি উপলব্ধ হোৱাৰ পাছতো যক্ষ্মা ৰোগ নিৰ্ণয়ৰ নামত পোহৰলৈ অহা এনে ভয়ংকৰ কাণ্ডই প্ৰকৃততে এই আঁচনিৰ নামত যে এক বৃহৎ প্ৰহসনহে চলি আছে তাকেই প্ৰতিপন্ন কৰে।
বিভাগটোত অব্যাহত থকা এই ভয়ংকৰ ল'ৰা ধেমালিৰ নিকৃষ্ট চৰিত্ৰ ফাদিল কৰাত এতিয়া থৰকাছুটি হেৰাইছে ঢকুৱাখনা টি বি ইউনিতৰ । আজি এই সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতে লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে এই সন্দৰ্ভত এক তদন্ত গোট গঠন কৰি দিছে ।
মেম' নং ৪৭২১/ ২৬ নং নিৰ্দেশ যোগে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ চিকিৎসা বিষয়া ডাঃ প্ৰদীপ মিলি, ডাঃ মনেশ্বৰ সোণোৱাল, ডাঃ টিকেন্দ্ৰজিত টাইড, ডাঃ অভিনৱ ভূঞা আৰু টি বি গোটৰ এম অ টি চি ডাঃ দুষ্মন্ত কুম্বাংক লৈ তদন্তকাৰী গোট গঠন কৰি দিছে যুটীয়া সঞ্চালকে।
লগতে সঞ্চালকগৰাকীয়ে অহা ৩ দিনৰ ভিতৰত নিৰ্দেশটোত নিৰ্ধাৰন কৰি দিয়া সমূহ দিশ সামৰি তদন্ত কৰি বিস্তৃত প্ৰতিবেদন সঞ্চালকক দাখিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে । ক্ৰমাৎ ইটোৰ পিছত সিটো ভয়ংকৰ দুষ্কাৰ্য পোহৰলৈ অহাৰ পাছত মূৰৰ পৰা গেলা এই আঁচনিখন কেনেদৰে সাফল্যমণ্ডিত হব তাক লৈ উদ্বিগ্ন ঢকুৱাখনাবাসী । এই ভয়ংকৰ কাণ্ডত জড়িত সকলৰ বিধিগত শাস্তি হবনে বিভাগে নিজৰ কটা যোৱা নাক বচাবলৈ সমগ্ৰ কুকাণ্ড গাপ দিবলৈ যত্নপৰ হব সেয়া লক্ষণীয় হব প্ৰতিগৰাকী সচেতন নাগৰিকৰ ।
Also Read: জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশেৰে গাঁঠিৰ ধন ভাঙি পথৰ উন্নয়নত নামিল ৰাইজ