ঢকুৱাখনাত দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাত নিহত সকলকলৈ শ্ৰদ্ধাঞ্জলি...

ঢকুৱাখনাত দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাত নিহত সকলকলৈ শ্ৰদ্ধাঞ্জলি...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাত নিহত সকলকলৈ শ্ৰদ্ধাঞ্জলি...

ঢকুৱাখনাত দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাত নিহত সকলকলৈ শ্ৰদ্ধাঞ্জলি...

ডিজিটেল সংবাদ ঢকুৱাখনা: এক মৰ্মান্তিক অবৰ্ণনীয় পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লোৱা দেৰগাঁওৰ দুৰ্ভগীয়া মৃতকসকলৰ পবিত্ৰ আত্মাৰ সদগতি কামনাৰে বৃহস্পতিবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ঢকুৱাখনাত। বুধবাৰে পুৱতি নিশা বনভোজ খাবলৈ যোৱা অৱস্থাত দেৰগাঁৱত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ আহুতি দিয়া যাত্ৰীসকললৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনাই এই অনুষ্ঠান অনুষ্ঠিত কৰে ঢকুৱাখনা জিলা চুতীয়া যুৱ সন্মিলনে।

Advertisment

ঢকুৱাখনা জিলা চুতীয়া যুৱ সন্মিলনৰ সভাপতি দিগন্ত চুতীয়া, সম্পাদক অজিত বৰুৱাৰ নেতৃত্বত যুৱ সন্মিলনৰ উপ-সভাপতি তিলেন দাস, ৰোহিত বৰুৱা, চানক্য চুতীয়া, মানসজ্যোতি বৰুৱা আদি গৰিষ্ঠ সংখ্যক সদস্য উপস্থিত হৈ ঢকুৱাখনা নগৰৰ গান্ধী ময়দান প্ৰাঙ্গনত বৃহস্পতিবাৰে সন্ধিয়া এই অনুষ্ঠান অনুষ্ঠিত কৰে।কৰ্মকর্তাসকলে প্ৰয়াত ব্যক্তিসকলৰ প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ কৰি ধূপ ,বন্তি প্ৰজ্বলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই অনুষ্ঠানতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি নিহতসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহতসকলৰ আশু আৰোগ্য কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায় ।

Also Read: তিতাবৰৰ নগাবাটত গাড়ী চালকৰ উত্তাল প্ৰতিবাদ...

দেৰগাওঁ ঢকুৱাখনা