তিতাবৰৰ নগাবাটত গাড়ী চালকৰ উত্তাল প্ৰতিবাদ...

তিতাবৰৰ নগাবাটত গাড়ী চালকৰ উত্তাল প্ৰতিবাদ...
তিতাবৰৰ নগাবাটত গাড়ী চালকৰ উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ তিতাবৰঃ ৰাজ্যৰ সৰ্বত্ৰে আজি চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। তিতাবৰৰ নগাবাটতো অৰ্ধশতাধিক গাড়ী চালকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।

কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিবহণ আইন বাতিল কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে চালকসকলে। নগাবাটৰ পৰা যোৰহাটলৈ দৈনিক অহা-যোৱা কৰা বাছ চালক, ডাম্পাৰ চালকসকলে নিজা নিজা বাহনসমূহ ৪৮ ঘণ্টাৰ বাবে চলাচল বন্ধ কৰি ৰাজপথত বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

'আমাৰ হাতত ১০ লাখ থকা হেতেন তেন্তে আমি গাড়ী নচলাই ব্যৱসায়েই আৰম্ভ কৰিলোহেতেন' বুলি প্ৰতিবাদস্থলীতে ক্ষোভেৰে মন্তব্য কৰে চালকসকলে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নতুন আইন অনুসৰি দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হলে এজন চালকৰ ১০ বছৰ কাৰাদণ্ড আৰু ৭ লাখ টকা জৰিমনা ভৰিব লাগিব।

তিতাবৰৰ নগাবাটত গাড়ী চালকৰ উত্তাল প্ৰতিবাদ...
বিশ্বনাথত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in