ঢকুৱাখনাত থলুৱা লোক সম্পদৰ সংগ্ৰাহালয় মুকলি...

লোক সম্পদৰ এক ব্যতিক্ৰমী সংগ্ৰহালয় বুধবাৰে মুকলি কৰা হয় ঢকুৱাখনাত।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত থলুৱা লোক সম্পদৰ সংগ্ৰাহালয় মুকলি...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমীয়া থলুৱা জনজীৱনৰে সম্পৃক্ত চহা প্ৰাণ ৰাইজৰ জীৱন জীৱিকাৰ ঘাই খুঁটা স্বৰূপ লোক সম্পদৰ এক ব্যতিক্ৰমী সংগ্ৰহালয় বুধবাৰে মুকলি কৰা হয় ঢকুৱাখনাত। খাটি খোৱা কৃষিজীৱী ৰাইজৰ কৃষি কৰ্মৰ পৰা দৈনন্দিন জীৱন যাত্ৰাৰ সৈতে অংগাংগী ভাবে জড়িত বহু সংখ্যক লোক সম্পদৰ সংৰক্ষণৰ লক্ষ্যৰে বুধবাৰে পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত এই সংগ্ৰাহালয়তো আনুষ্ঠানিক ভাবে মুকলি কৰা হয়।

Advertisment

বিদ্যালয়খনৰ বিজ্ঞানমনস্ক প্ৰধান শিক্ষক প্ৰদীপ দত্তৰ তৎপৰতা আৰু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ ব্যতিক্ৰমী চিন্তা চেতনাৰ প্ৰতিভূ হিচাবে প্ৰতিষ্ঠা কৰা এই সংগ্ৰহালয়তো আনুষ্ঠানিক ভাৱে মুকলি কৰে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়াই। এই সন্দৰ্ভত বিদ্যালয় প্ৰাংগণত বিদ্যালয়ৰসমূহ শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থী, শিক্ষাব্ৰতী ৰাইজ, অভিভাৱকৰ উপস্থিতিত প্ৰধান শিক্ষক প্ৰদীপ দত্তৰ সহযোগত স্থায়ী সংগ্ৰাহালয়টোৰ ফিটা কাটি উদ্বোধন কৰে প্ৰশাসনীয় বিষয়া শইকীয়াই।

ইয়াৰ পাছতে বিদ্যালয় প্ৰেক্ষাগৃহত প্ৰবীণ শিক্ষাবিদ লিখন চন্দ্ৰ বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সাম্প্ৰতিক সময়ৰ নব্য আধুনিকতাৰ কৰাল গ্ৰাসত পৰি পুৰাতন লোক সম্পদ সমূহৰ বিলুপ্তিপ্ৰায় অৱস্থাৰ পৰা পুনৰুদ্ধাৰ কৰি জাউতিযুগীয়া কৰাৰ লগতে নৱ প্ৰজন্মক পৰিচিত কৰাৰ লক্ষ্যৰে স্থাপিত এই সংগ্ৰাহালয়টোত পৌৰাণিক থলুৱা জলসিঞ্চনৰ আহিলা স্বৰূপ লাহনি, মাছ ধৰা সঁজুলি ওভতি, জাকৈ, চেঁপা, থুহা, শ্ৰমজীৱী ৰাইজৰ কৃষি সম্পদ নাঙল, যুৱলী, মৈ, দলিমৰা, ঢেঁকী, থলুৱা ভাবে কাঠ ফালিবলৈ ব্যৱহাৰ কৰা চেও কৰত, বৰ কৰত, অতীতৰ দিনত কাপোৰ থবলৈ ব্যৱহাৰ কৰা জপা, কাঠৰ পেৰা, সৰিয়হ পেৰিবলৈ ব্যৱহাৰ কৰা পাৰ্টিদৈ নিৰ্মিত পুল বা বেটেৰী, পকা মুগা ধৰা সঁজুলি, বৰমুগা ধৰা চিলিং, মুগা খৰিকা থোৱা পেৰা বা খিলং, বাতলু গুটি ৰখা খুঙ, ধনু, যঁতৰ, উঘা, গাখীৰ খীৰাবলৈ ব্যৱহাৰ কৰা বাঁহৰ কড়ীয়া, শত বছৰীয়া চাকি থোৱা কাঠৰ গছা, পৌৰাণিক কাঠৰ পিকদানী, টুকুৰা চৰাই বাঁহ, গৰু ম'হৰ গাড়ীৰ চকা, তাঁত বোৱা ৰাচ, বেত বাঁহৰে নিৰ্মিত ধাৰী, শৰ পহুৰ শিং, ধান কঢ়া কহুনা, মুখা আদি বিভিন্ন লোক সম্পদ সংগ্ৰহ কৰি আনি বিদ্যালয় পৰিয়ালে এই সংগ্ৰাহালয়টোত পৰিকল্পিত ভাবে সজাই দৰ্শনৰ বাবে মুকলি কৰি ৰাখিছে।

বিদ্যালয়খনৰ মজিয়াত অসমীয়া সমাজ জীৱনৰ এনে বিলুপ্ত প্ৰায় লোক সামগ্ৰীৰ সংৰক্ষণৰ ব্যতিক্ৰমী কেন্দ্ৰ স্থাপন সন্দৰ্ভত ভূয়সী  প্রশংসা কৰি মুকলি সভাত বক্তব্য আগবঢ়াই উদ্বোধক সহকাৰী আয়ুক্ত শইকীয়া, অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ইন্দিবৰ বুঢ়াগোঁহাই, প্ৰবীণ শিক্ষাবিদ লংকেশ্বৰ চিৰিং, লিখন চন্দ্ৰ বুঢ়াগোঁহাই আদি বহু কেইগৰাকী বক্তাই। প্ৰবীণ শিক্ষাবিদ  লিখন চন্দ্ৰ বুঢ়াগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী শিক্ষয়িত্ৰী দীপ শিখা খাউণ্ডে।

বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ নৃত্য গীতত জীপাল হৈ পৰা সভাত অঞ্চলটোৰ তিনিগৰাকী বিশেষ পাৰদৰ্শী ব্যক্তি ক্ৰমে সফল ৰেচম পালক তথা কুটীৰ শিল্পী যোগেশ্বৰ চুতীয়া,  উদীয়মান দুগ্ধ উৎপাদক পংকজ চেতিয়া, পৰিৱেশ সংৰক্ষক তথা নাট্যকৰ্মী আভা নাৰ্চাৰীৰ স্বতাধিকাৰী ক্ষীৰোদ নেওগক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট নাগৰিক বম্বেশ্বৰ গোঁহাই, প্ৰবীণ শিক্ষাব্ৰতী যোগেশ চেতিয়া, ক্ষীৰোদ দত্ত , বীৰেন দত্ত, বিদ্যালয়খনৰ পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি তুলন ৰাজভৰকে প্ৰমুখ্য কৰি অগণন শিক্ষাসদী ৰাইজ উপস্থিত থকা সভাত অনাগত সময়ত থলুৱা সম্পদৰ এই মেটমৰা সংগ্ৰাহালয়টোৱে ব্যাপক প্ৰসাৰতা অর্জন কৰি ঢকুৱাখনাৰ এক সুকীয়া লোক সম্পত্তিলৈ উত্তৰণ ঘটিব বুলি উপস্থিত ৰাইজে আশা প্ৰকাশ কৰে।

অসমীয়া সভ্যতা সংস্কৃতিৰ বাহক আৰু বিলুপ্ত প্ৰায় লোক সম্পদ সমূহ সজীৱ আৰু চিৰ যুগমীয়া কৰি ৰখাৰ বাবে বিদ্যালয়খনৰ পৰিয়ালে গ্ৰহণ কৰা এই অগতানুগতিক পদক্ষেপ নিঃসন্দেহে উত্তৰ পুৰুষৰ বাবে প্ৰয়োজনীয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ বাবে অনুকৰণীয় হিচাবে ধৰা দিছে।

Also Read: কামৰূপ জিলা কৃষি বিভাগৰ মিলেট সজাগতা সভাৰ সফল সমাপ্তি...

dhakuakhana