কামৰূপ জিলা কৃষি বিভাগৰ মিলেট সজাগতা সভাৰ সফল সমাপ্তি...

একবিংশ শতিকাৰ সৰ্বোত্তম খাদ্য শস্যবোৰৰ ভিতৰত অন্যতম হ'ল মিলেট

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলা কৃষি বিভাগৰ মিলেট সজাগতা সভাৰ সফল সমাপ্তি...

ডিজিটেল সংবাদ, কামৰূপ : একবিংশ শতিকাৰ সৰ্বোত্তম খাদ্য শস্যবোৰৰ ভিতৰত অন্যতম হ'ল মিলেট। এসময়ত অসমীয়া খাদ্যাভ্যাসৰ অংশ আছিল যদিও সময়ৰ গতিত ক্ৰমান্বয়ে মিলেটৰ চাহিদা হ্রাস পাবলৈ ধৰে। সেয়েহে মিলেটৰ গুৰুত্ব বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০২২ চনৰ ১৬ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৭ বছৰৰ বাবে অসম মিলেট মিচনৰ শুভাৰম্ভ কৰে।

Advertisment

অসম মিলেট মিচনৰ উদ্দেশ্য আগত ৰাখিয়ে কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত সম্পূৰ্ণ জুন মাহটোত কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত মিলেট সজাগতা সভাৰ আয়োজন কৰা হয়। বুধবাৰে ৰঙিয়াৰ দিপ্তেশ্বৰী ৰাস হৰিমন্দিৰৰ সভাগৃহত 'অসমত মিলেটৰ বাবে কৃষক' শীর্ষক শেষৰখন সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত সভাত ৰঙিয়া অঞ্চলৰ প্ৰায় ৮০ গৰাকী কৃষকৰ লগতে কৃষক উৎপাদন কোম্পানীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

সভাখনত কামৰূপ জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ ন'ডেল অফিচাৰ সন্দিপ ভূঞা আৰু মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী শ্ৰীয়া দেৱীয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সভাত মিলেটৰ প্ৰকাৰ আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতাৰ লগতে মিলেটৰ খেতি কেনেদৰে কৰিব সেই সম্পৰ্কে কৃষকসকলক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়। কৃষকসকলৰ লগত এক প্ৰশ্ন- উত্তৰ শিতানেৰে সভাখনৰ সামৰণি পৰে।

জানিব পৰামতে, সম্পূৰ্ণ জুন মাহটো কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ বাবে আৰু অন্যান্য সভাগৃহত কৃষকসকলৰ উদ্দেশ্যে এনেদৰেই মিলেট সজাগতা সভাৰ আয়োজন কৰা হয়।

Also Read: ইণ্ডিয়া টুডে ৰেংকিঙত ১২২ তম স্থানত ফৰকাটিং মহাবিদ্যালয়

GOVT OF ASSAM