mankachar
mankachar

হাটশিঙিমাৰীত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সপ্তাহজোৰা সজাগতা অভিযান....

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সপ্তাহজোৰা সজাগতা অভিযানৰ বাবে প্ৰচাৰ বাহনৰ শুভ উদ্বোধন কৰে

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ- দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জিলা কৃষি বিভাগৰ কাৰ্যলয়ত বৃহস্পতিবাৰে দিনৰ ১১ বজাত জিলা প্ৰশাসন আৰু কৃষি বিভাগে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সপ্তাহজোৰা সজাগতা অভিযানৰ বাবে প্ৰচাৰ বাহনৰ শুভ উদ্বোধন কৰে।

উল্লেখযোগ্য যে কৃষক সকলে কৰা খেতি দুৰ্যোগৰ সময়ত নষ্ট হ'লে ক্ষতিপূৰণ পোৱাৰ বাবে দেশত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা নামৰ এক গুৰুত্বপূৰ্ণ আঁচনি হাতত লোৱা হৈছে। ইতিমধ্যে এই আঁচনিৰ দ্বাৰা দেশ তথা অসমৰ বিভিন্ন জিলাত কৃষক সকল উপকৃত হৈছে যদিও দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন নতুনকৈ হোৱাৰ বাবে কৃষক সকল এই সুবিধাৰ পৰা বঞ্চিত হৈ আছিল।

অৱশ্য যোৱা বছৰ কেইবা প্ৰকাৰৰ খেতিৰ বাবে এই বীমা কৰা হৈছিল যদিও এইবাৰ দ্বিতীয় বছৰৰ বাবে পুনৰ এই বীমাৰ সুবিধা যাতে কৃষক সকলে ল'ব পাৰে তাৰ বাবে আজিৰে পৰা জিলাখনত সপ্তাহজোৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সজাগতা অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ বাবে আজি জিলা কৃষি বিভাগৰ কাৰ্যালয় চৌহদত কৃষক সকলক লৈ এক সজাগতা সভা অনুষ্ঠিত হয়।

জিলা অতিৰিক্ত উপায়ুক্ত যগদীশ ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থকা এই সজাগতা সভাত জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হক আৰু জিলাখনৰ কৃষক গোটৰ সদস্য সকল উপস্থিত থাকে। এই সভাখনৰ জৰিয়তে জিলা কৃষি বিষয়া আৰু অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কৃষক সকলক বীমা কৰাৰ বাবে আহ্বান জনায়।

যোৱা বছৰ এক হেক্টৰ খেতিৰ বীমা কৰিবলৈ কৃষকে ১ টকা প্ৰিমিয়াম দিয়াৰ লগতে বাকী ধনখিনি বীমা কোম্পানীক অসম চৰকাৰে প্ৰদান কৰিছিল। এইবেলি কৃষক সকলে বীমা কৰিবলৈ হ'লে ১ হেক্টৰ ভূমিৰ বাবে কৃষক সকলে ১০০ টকাৰ প্ৰিমিয়াম আদায় দিব লাগিব।

বীমাৰ বাকী ধনখিনি এইবাৰো চৰকাৰে বহন কৰিব। জিলাখনত ৰবি শস্য হিচাপে এইবাৰ আলু খেতি, সৰিয়হ খেতি আৰু গ্ৰীষ্মকালীন ধান খেতিৰ বাবে কৃষক সকলে বীমা কৰিব পাৰিব বুলি এই সভাখনৰ জৰিয়তে জিলা কৃষি বিষয়া মইনুল হকে জানিবলৈ দিয়ে।

ইফালে জিলাখনৰ কৃষক সকলক বীমাৰ প্ৰতি সজাগ কৰিবলৈ আজি এই প্ৰচাৰ বাহন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই প্ৰচাৰ বাহনখনে সপ্তাহজুৰি জিলাখনৰ বিভিন্ন গাঁৱত গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফচল বীমাক লৈ জনোৱা আহ্বান প্ৰচাৰ কৰিব বুলি অতিৰিক্ত উপায়ুক্ত জগদীশ ব্ৰহ্মই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in