ৰাজহুৱা নামঘৰৰ তলা ভাঙি চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

ৰাজহুৱা নামঘৰৰ তলা ভাঙি চোৰে নিলে লক্ষাধিক টকাৰ সামগ্ৰী

author-image
Asomiya Pratidin
New Update
ৰাজহুৱা নামঘৰৰ তলা ভাঙি চোৰে লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

ডিজিটেল সংবাদ, ছয়দুৱাৰ: হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙাজান প্ৰাথমিক শাখাৰ ৰাজহুৱা নামঘৰৰ মণিকূটৰ তলা ভাঙি বৃহস্পতিবাৰে নিশা লক্ষাধিক টকাৰ বহু মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়ে এক বৃহৎ চুৰি চক্ৰই। চুৰি চক্ৰটোৱে সোণৰ ফুল দুপাহ, গামোচা ১২ খন, পিতলৰ চাকি এগছি, কাঁহৰ বৰতাল ২যোৰ, কাঁহৰ বান বাতি ১০ যোৰা, শৰাই ২খন, কাঁহৰ ঘটি ২টা, কাঁহৰ থালি ২খন, দান পাত্ৰত থকা অৰিহণা আৰু বাৰাণ্ডা নিৰ্মাণৰ বাবে নিয়োজিত মিস্ত্ৰীয়ে ব্যৱহাৰ কৰা এটা ৱেলণ্ডিং মেছিনকে ধৰি বহু সা-সামগ্ৰী চুৰি কৰি নিয়ে। ৰাইজে বহু কষ্টৰে নিৰ্মাণ কৰা ঈশ্বৰ উপাসনাৰ থলি ৰাজহুৱা নামঘৰটোত এনেদৰে চোৰে সন্ত্ৰাস চলোৱাত ভক্তপ্ৰাণ ৰাইজ আবেগিক হৈ পৰে।

Advertisment

উক্ত চুৰি কাণ্ডক গুৰুত্ব সহকাৰে লোৱা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা পুৱাই ঘটনাস্থলীত উপস্থিত হৈ উক্ত চুৰি কাৰ্যৰ বুজ লোৱাৰ লগতে অপৰাধীক অতি সোণকালে কৰায়ত্ব কৰিবলৈ হেলেম আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়াৰ লগতে নিজেও অভিযানত নামি পৰে। ইয়াৰ উপৰিও বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(মুখ্য কাৰ্য্যলয়) কুলেন্দ্ৰ নাথ ডেকা, গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাস, হেলেম আৰক্ষী থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক সোণটি হাজৰিকা আৰু হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰ কান্ত বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ স্নীফাৰ ড'গৰ সহায়ত চোৰৰ সন্ধানত কৰে।

ফ্ৰিংগাৰ প্ৰিণ্টৰ এটা অভিজ্ঞ দলেও যাবতীয় পৰীক্ষা নিৰীক্ষা কৰে নামঘৰটোত।আৰক্ষীয়ে সোধাপোছাৰ কাৰণে কেইবাজনো যুৱকক থানালৈ মাতি নিছে যদিও বাতৰি লিখা পৰলৈকে প্ৰকৃত চুৰি চক্ৰটোক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে, হেলেম আৰক্ষী থানাৰ এলেকাত অব্যাহত থকা চুৰি কাণ্ডৰে জড়িত এজনো চোৰক এতিয়ালৈকে ধৰিব পৰা নাই আৰক্ষী বিষয়া ৰুদ্ৰ কান্ত বৰাই। কেৱল যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ অভিযানটোকহে বিশেষ ভাৱে প্ৰাধান্য দি অপৰাধ নিয়ন্ত্ৰণত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱা আৰক্ষী বিষয়া ৰুদ্ৰ কান্ত বৰাৰ অকমৰ্ণতাৰ বাবে এতিয়া চোৰৰ ৰম্যভুমি হৈ পৰিছে হেলেম অঞ্চল।

কৰ সংগ্ৰহৰ গইনা লৈ যান-বাহনৰ নথি-পত্ৰ পৰীক্ষাৰ নামত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভিতৰুৱা অঞ্চলসমূহত প্ৰতিদিনে সন্ত্ৰাস চলাই স্থানীয় ৰাইজক বাৰুকৈয়ে অতিষ্ঠ কৰি আহিছে হেলেম আৰক্ষীয়ে। যান বাহনৰ নথি পত্ৰ পৰীক্ষাৰ সুযোগ লৈ প্ৰতিদিনে মোটা অংকৰ ধন ঘটি অহা অহা(ৰছিদৰ বাহিৰে) হেলেম আৰক্ষীয়ে অঞ্চলটোত অব্যাহত থকা চুৰি কাণ্ড ৰোধ কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে। হেলেম আৰক্ষীৰ নিধিৰাম চৰ্দাৰৰূপী ভূমিকাৰ বাবে হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱে এতিয়া টোপনি হৰিছে হেলেম অঞ্চলৰ ৰাইজক।অঞ্চলটোত অব্যাহত থকা গৰু, ছাগলী আৰু দোকান চুৰিৰ পিছত এইবাৰ চোৰৰ লক্ষ্য হৈছে ৰাজহুৱা নামঘৰ।

স্মতৰ্ব্য যে, হেলেম আৰক্ষী থানাৰ গাতে লাগি থকা মিছামাৰী চেণ্টাৰত যোৱা ১৯ আগষ্টৰ নিশা মুঠ ৫ খন দোকানত তলা ভাঙি উপদ্ৰৱ চলাই এটা চুৰি চক্ৰই। আৰক্ষী থানাখনৰ নিচেই কাষতে চোৰে তাণ্ডৱ চলাবলৈ সাহস কৰা কাণ্ডই হেলেম আৰক্ষী থানাৰ অস্তিত্বক লৈ বৰ্তমান স্বাভাৱিকতে প্ৰশ্ন উথাপন হৈছে স্থানীয় ৰাইজৰ মাজত।এফালে আৰক্ষী থানা আৰু আনফালে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত মিছামাৰী চেণ্টাৰত সংঘটিত হোৱা উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই যোৱা ২৫ আগষ্টৰ নিশা উক্ত আৰক্ষী থানাৰ অন্তৰ্গত গোশালাৰ এখন ম'বাইলৰ দোকানত চুৰি কাৰ্য্য সংঘটিত হয়।

অঞ্চলটোত এনেদৰে দোকান চুৰিৰ ঘটনা অব্যাহত থকাৰ সময়তে আৰম্ভ হয় গৰু চুৰিৰ ঘটনা। উক্ত আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীৰ ৰঙাজান, চন্দামাৰী পথাৰ, কাউৰীপথাৰ অঞ্চলৰ পৰা যোৱা ২৮ আগষ্টৰ নিশা চুৰি হয় ৫ টা গৰু। ইয়াৰ পূৰ্বে বুৰৈঘাট এলেকাৰ পৰা চুৰি হৈছিল এটা গৰু। অঞ্চলটোত এনেদৰে দোকান চোৰ আৰু গৰু চোৰে গা কৰি উঠাৰ পিছতো এতিয়ালৈকে এজনো চোৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰ কান্ত বৰাই।

এইবাৰ তেওঁ নামঘৰৰ চোৰক ধৰিব পাৰিব নে নাই সেয়া হৈ পৰিছে লাখটকীয়া প্ৰশ্ন।কেৱল যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিজৰ অস্তিত্ব জাহিৰ কৰি অহা হেলেম আৰক্ষীয়ে এই গভাইত চুৰি চক্ৰৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰা কাৰ্য্যই মুখ্যমন্ত্ৰীৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপটো বাৰুকৈয়ে উন্মোচিত হৈছে।

উল্লেখযোগ্য যে, হেলেম আৰক্ষী থানাৰ এলেকাত সংঘটিত হৈ অহা এই চুৰি কাৰ্য্যৰ বাবে এতিয়া উজাগৰী নিশা পাৰ কৰিব লগীয়া হৈছে বহু লোকে। যান বাহনৰ নথি পৰীক্ষাৰ নামত সাধাৰণ ৰাইজক প্ৰতিদিনে হাৰাশাস্তি কৰি অহা হেলেম আৰক্ষীয়ে চুৰি চক্ৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰা এই ব্যৰ্থতাৰ বিৰুদ্ধে এক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু জিলা আৰক্ষী অধীক্ষকৰ ওচৰত কঠোৰ দাবী জনাইছে হেলেম অঞ্চলৰ ৰাইজে।

Also Read: গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

assampolice